দৰ্শনৰ প্ৰথম ছহিদ তথা গ্ৰীক দাৰ্শনিক ছক্ৰেটিছৰ সুন্দৰ ১২ টি কথা
© পৃথিৱীত এটা মাথো মংগল আছে-জ্ঞান। এটা অমংগল আছে- অজ্ঞতা।
© মই কাকো একো কথা শিকাব নোৱাৰোঁ; মই মাথো মানুহক চিন্তা কৰিবলৈ বাধ্য কৰাব পাৰোঁ।
© মানুহে মোৰ বিষয়ে কি কয় তালৈ মই ভ্ৰক্ষেপ নকৰোঁ; মই চিন্তা কৰোঁ কেৱল মোৰ ভুলবোৰৰ বিষয়ে।
© তুমি যে একো নাজানা সেইটো জনাই প্ৰকৃত জ্ঞান।
© আটাইতকৈ ওপৰত স্থান দিব লাগিব ন্যায়ক; তাৰ ওপৰত একো নাই।
© মানুহে কি বিচৰা উচিত সেইটো জানিবলৈ প্ৰজ্ঞাৰ প্ৰয়োজন।
© জীৱনটো যদি পৰীক্ষা কৰি চোৱা নহয় তেন্তে তেনে জীৱন জীয়াই থকাৰ যোগ্য নহয়।
© যি মানুহে পৃথিৱী খন পৰিচালনা কৰিব খোজে তেওঁ প্ৰথমে পৰিচালনা কৰিব লাগিব নিজক।
© আনৰ কিতাপ পঢ়ি নিজৰ চৰিত্ৰ উন্নত কৰিবলৈ চেষ্টা কৰিবা; তেতিয়া আনৰ কঠিন পৰিশ্ৰমৰ ফল তুমি একো পৰিশ্ৰম নকৰাকৈ পাবা।
© আটাইতকৈ সুখী মানুহ হ'ল সেইজন- যিজনে অতি কম বস্তুক লৈয়ে সন্তুষ্ট হৈ থাকিব পাৰে।
© কেৱল জীৱনৰ একো মূল্য নাই; আচল মূল্যৱান বস্তু হ'ল সৎ জীৱন।
© তুমি কেৱল সৎ হ'লে নহ'ব। তুমি হ'ব লাগিব আনৰো সততাৰ প্ৰেৰণা
অৰুণ কোঁৱৰ
সম্পাদক-সমলয়
২০/৪/২০২৩