Type Here to Get Search Results !

শামুকৰ খোলা

 শিৱাণী শৰ্মা বশিষ্ঠ



খুউব সম্ভৱ 
প্ৰতিগৰাকী ব্যক্তিয়েই
বিচাৰে এটি শামুকৰ খোলা
স্পৰ্ধাহীন ভাৱে
কিয়নো মুখাখনতকৈ
নিৰাপদ শামুকৰ খোলা ...।

 বৰ্মৰ দৰেই শক্তিশালী খোলা,
 বিন্ধিবলৈ শক্তিহীন শ্লেষোক্তি  
 বিকল হৈ পৰে মাৰণাস্ত্ৰ
 সেয়ে চাগৈ নিৰাপদ
 শামুকৰ টান খোলা।
 
 খোলাটিতে প্ৰয়োজনত 
 সোমাই থ'ব পাৰি
 সমস্ত  দেহ,
 যদিও অসামাজিক
 কৰ্কট সম  কলেৱৰ..!
 
 খোলাটিয়ে সুৰক্ষা দিয়ে
 খোলাই লুকুৱাই
 নাঙঠ দেহ,
 নাঙঠ চৰিত্ৰ
 নাঙঠ মনৰ নৃত্য-নাটিকা...।
 
খোলাৰ আৱৰণে আবৃত হৈ থাকে
স-সাগৰা মেদিনীৰ
জীপাল বাসনা..
পণ্যতাৰ কোমল বুকু
মোহাৰি দিয়ে
নিলৰ্জ্জ হাতে..
নিলাজ হাতৰ আঙুলিৰ চেপাত
যন্ত্ৰণাও হৈ পৰে বিবশ
 অসভ্য বীৰ্যৰ অকথ্য বানত
 ভালপোৱা হৈ পৰে গৰ্ভৱতী...।
 
 সেই বাবেই এটি খোলাৰ প্ৰয়োজন
 লুকুৱাই ৰাখিবলৈ
 কেঁচা মঙহৰ টোপোলা
 কোমলতাৰে উত্থিত
  যৌৱনৰ সুষমা।
        
এতিয়াচোন
প্ৰতিগৰাকী ব্যক্তিয়েই
বিচাৰি ফুৰে
শামুকৰ খোলা।
         

 লেখকৰ ঠিকণা:
লক্ষীমপুৰ,দৰং
ফোন:৮৮৭৬১১৫১২৯