Type Here to Get Search Results !

গামোচা

 নিজৰা বৰ্মন ডেকা


 মৰমৰ দীঘেৰে চেনেহৰ বাণীৰে 
অসমীয়া শিপিনীৰ তাঁতশালত 
প্ৰাণ পাই উঠা গামোচাখন
অসমীয়াৰ মান , অসমীয়াৰ স্বাভিমান ।
ইয়ে দিয়ে জাতিৰ পৰিচয় 
কৃষ্টি আৰু সংস্কৃতিৰ বাহক
ইয়াতেই লুকাই থাকে
প্ৰেম ভালপোৱাৰ মিঠা অনুভৱ।
একবিংশ শতিকাৰ এচাম দুৰ্জনলোকে
গামোচাৰ মহত্ব বুজিব নোৱাৰে
খণ্ড -বিখণ্ড কৰি চেনেহৰ গামোচা খনি
অসমীয়াৰ প্ৰাণত দিছে আঘাত হানি ।
সময় সমাগত এক হোৱাৰ
হাতে হাত ধৰি মাৰবান্ধি থিয় হোৱাৰ
গামোচা খনি ৰাখিম গামোচা কৰি 
ইতিহাসৰ পাতত ৰাখিম লিপিবদ্ধ কৰি
অসমীয়া জাতিৰ একতাৰ চানেকি বুলি।
অসমীয়াৰ মান অসমীয়াৰ স্বাভিমান
শিপিনীৰ সপোনেৰে বুটা বচা গামোচা অসমীয়াৰ স্বাভিমান আদৰৰ বিহুৱান
আপোন জনক দিয়ে মৰম আৰু সন্মান ।
ডিঙিত গামোচা পৰিচয় অসমীয়াৰ
বিশ্বদৰবাৰত প্ৰতিষ্ঠিত যাৰ নাম
এইয়াই অসমীয়াৰ স্বাভিমান 
প্ৰেম আৰু মমতাৰ যুগল বান্ধোন
অসমীয়াৰ হেঁপাহৰ বিহুৱান।