এছ ইছলাম, শিক্ষক
যাৰ কৃপাত
আহিলোঁ ধৰাত
মোৰ বোধেৰে সিয়ে ভগৱান
তুমিয়েই মোৰ সাক্ষাৎ নাৰায়ণ।
হাবাথুৰি খাইছিলোঁ তোমাৰ মৃত্যুত
যিয়ে বৃক্ষৰ দৰে ছাঁ দিছিল মোক
তুমি অবিহনে এই সুখৰ সংসাৰত
সহায় কৰিব কোনে এই জগতত।
ডাঙৰ-দীঘল হলোঁ তোমাৰ অনুগ্ৰহত
লিখা-পঢ়া কৰিলোঁ জনগণৰ মাজত
চলিব পৰা হলোঁ এই জগতত
তোমাক স্মৰণ কৰিলোঁ মনত।
আজি তুমি আমাৰ মাজত নাই
মূৰৰ ওপৰৰ গছ ডাল যেন নাই
পিতা বুলি কোৱা মানুহ আজি নাই
তুমিয়েই দিছিলা আশিষ বাণী।
তোমাৰ শোকত ম্ৰিয়মান
চকু পানী টুকিছোঁ অগণন
কৰিলোঁ তোমাক শ্ৰদ্ধাঞ্জলি অৰ্পণ
যুগ যুগান্তৰ ধৰি কৰিম স্মৰণ।