Type Here to Get Search Results !

বহাগতে পাতি যাওঁ বিয়া

 নাছিৰ আহমেদ ,গোৱালপাৰা


অ ' সোণপাহি -----
আহ ঐ আহ !
কঁকাল ভাঙি নাচি নাচি আহ ,
ময়ো ঢোলত চাপৰ মাৰোঁ টাক ধিনা ধিন কৰি।
বাপতি সাহোন বিহুটি পালেহি 
বহাগতে পাতি যাওঁ বিয়া।

অ' সোণপাহি !
ফাগুনৰ বলিয়া বা লাগি
এটি দুটিকৈ বাঢ়ি বাঢ়ি তই ষোল্লকলা হৈ
পূৰ্ণযৌৱনা গাভৰু হলি ;
এতিয়া তোৰ সৰ্বশৰীৰত ৰসৰ নিজৰা বৈ যায়।
তোৰ প্ৰেমত মই হলো আধা পগলা !

আহ! ঐ আহ!
ক'তে আছা মৰি ?
তোৰ কামনাৰ পৰশ লাগি
ফাগুন গৈ চ'ত পালেহি
ফুলিলে ভেবেলি লতা 
ফুল আলসুৱা তোৰ কোমল ফুলৰ সৌন্দৰ্য্যত
গছ-লতা-তৰু-তৃণ ৰঙচুৱা আভাৰে ভৰি পৰিল।
গছৰ আঁৰে আঁৰে কুলি-কেতেকীয়ে ইনালে বিনালে 
চাৰিওদিশে বাজি উঠিল  মিলনৰ মধুৰ ঝংকাৰ !

অ' সোণপাহি !.
আহ! ঐ আহ!
কঁকাল ভাঙি নাচি নাচি আহ,
ময়ো ঢোলত চাপৰ মাৰোঁ টাক ধিনা ধিন কৰি
অতিকৈ চেনেহৰ বিহুটি পালেহি
বহাগতে পাতি যাওঁ বিয়া।
সোণপাহি ! তোৰ যৌৱনৰ উতলা বা লাগি
এটুকুৰা ৰঙা মেঘ যায় ভাঁহি ভাঁহি ---
ময়ো আছোঁ ৰৈ তোলৈ বাট চাই চাই  ;
তই আহ! ঐ আহ !
মোৰ বুকুৰ মাজত সোমাই আহ!
তোৰ কাজল-সনা দুচকুত মৰম সানি দিম
মেঘ বৰণ কইনা তোৰ ক'লা চুলিটাৰিত
কপৌফুল গুজি দিম।
এজাক পাতল বৰষুণেৰে মোৰ গা মূৰ তিয়াই দে।
বহাগতে পাতি যাওঁ বিয়া !