Type Here to Get Search Results !

বিহুগীত

 তুলিকা বৈশ্য দাস  গুৱাহাটী , কামৰূপ (ম)


ঐ...ৰঙালী বিহুটি আহিবা বছৰি আহিবা...
আহিবা পাখি মেলি উৰি...
গছে-বনে কুঁহিপাত ওলালে
আ-আহিবা...নেৰিবা...আ-আহিবা...   
কুলি-কেতেকী ঐ... লগতে লৈ...
আ-আহিবা আহিবা পাখি মাৰি উৰি    
ৰৈ আছোঁ লৈ বিহুৱান বিহুটি ঐ...
উৰুৱাম বিহুৰে নিচান

জাকে পাতি আহি ঐ...
ডালে-পাতে বহি অ‍ʼ 
কুলি-কেতেকী ঐ...
লগাই দিবাহি বিহুৰে ঐ বা
ঐ...ৰঙালী বিহুটি আহিবা বছৰি আহিবা...

তোকে ঐ চাবলৈ অʼ
যতৰে ঘনাই মহুৰা ফুৰাই
চেৰেকী চেৰেকী ঘুৰাই
ঝাকি মাৰি মাৰি ঐ...
খট্ খট্ মাকো মাৰি যায় ঐ...
তোকে ঐ আদৰিবলৈ...বিহুটি ঐ

ফুলে তুলিবলৈ ঐ... ফুল তোলা চেৰীয়ে 
তল মূৰ কৰিব 
কিছু আগুৱাই অʼ... মূৰ তুলি তুলি চাব
তোকে ঐ ওচৰ ঐ চপা ঐ দেখিলে অʼ
তাতঁ বব এৰিব
কঁকাল ভাঙি ভাঙি ঐ...বিহু নাচিবলৈ...
গাতে মেৰিয়াই ঐ... বিহুৱানলৈ ...
এই...বিহুটি আহিছে বাজিছে
বাজিছে ঢোল-পেঁপা গগণা

ঐ... ৰঙালী বিহুটি আহিবা বছৰি 
আহিবা আহিবা আহিবা...
আ-আহিবা আহিবা আহিবা..