Type Here to Get Search Results !

বসন্ত উৎসৱ

প্ৰীতি পংকী গগৈ


বসন্ত ঋতুৰ পৰশত প্ৰকৃতিৰ গছ ,বন ,ফুল, লতিকা সকলোৱে প্ৰকৃতিৰ বুকুত শীতল দলিচা পাৰি দিয়ে । যেন সকলো দিশতে ঋতুৰাজ বসন্তৰ সৈতে বহাগীৰ শুভ বিবাহৰ প্ৰস্তুতি । বসন্ত ঋতুত উলহ মালহেৰে পালন কৰা বহাগ বিহু মূলতঃ কৃষি ভিত্তিক উৎসৱ। অসমৰ সকলো জাতি জনজাতিৰ লোকে কৃষি কাৰ্যৰ আৰম্ভণিতে আনন্দ উৎসাহেৰে বিহু উৎসৱ পালন কৰে। যিয়ে প্ৰতিজন অসমীয়াৰ অন্তৰ স্পৰ্শ কৰি ভৱিষ্যত কৰ্ম জীৱনৰ বাবে অনুপ্ৰেৰণা কঢ়িয়াই আনে। চাৰিওদিশে উখল মাখল পৰিৱেশ বিৰাজ কৰে। ডেকা গাভৰুকে আৰম্ভ কৰি বয়োজ্যেষ্ঠলৈকে সকলো বিহুৰ আয়োজনত ব্যস্ত হৈ পৰে । উৰুকাৰ নিশা গাঁৱৰ প্ৰতি জনী বাইভনী লগ হৈ পিঠা খুন্দাত ব্যস্ত হৈ পৰে। ঢেঁকীৰ চাপত শিহৰিত হৈ পৰে চুবুৰীৰ প্ৰতিজন ব্যক্তিৰ অন্তৰ। গাঁৱৰ ডেকা-গাভৰুৰ হাতৰ পৰশত, আঙুলিৰ বুলনিত ঢোল, পেঁপা, গগণা, বাঁহী, সুতুলী সকলো বাদ্য  প্ৰাণ পাই উঠে । পথাৰত গছ তলত নাচনীৰ গছকত , ঢুলীয়াৰ ঢোলৰ চাপৰত জীপাল হৈ পৰে প্ৰকৃতি।

বিহুৰ লোকাচাৰ সমূহ প্ৰকৃতিৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত। যি প্ৰতিজন অসমীয়াৰ হিয়াৰ কোণে কোণে বিয়পি আছে আৰু চিৰদিন থাকিব। বহাগ বিহুত মানুহৰ সমান্তৰালভাৱে জীৱ জন্তুকো আদৰ সাদৰ কৰা হয় । গৰু বিহুৰ দিনা পুৱাই গৰুক মাহ- হালধিৰে গা ধুৱাই গধূলি নতুন পঘাৰে বিহুৱান দিয়া হয়। মহ,ডাঁহ আদি যাতে ঘৰৰ চৌপাশৰ পৰা আতঁৰি যায় , তাৰ বাবে গধূলি জাগ দিয়া হয়। এই দিনটোত গধূলি এশ এবিধ শাক যোগাৰ কৰি আঞ্জা ৰান্ধি খালে বছৰটোলৈ বেমাৰ আজাৰ নহয় বুলি বিশ্বাস কৰা হয়।তেনেদৰে মানুহ বিহুৰ দিনা পুৱাই গা পা ধুই সৰুৱে জ্যেষ্ঠজনক গামোচা, চেলেং আদি নতুন বস্ত্ৰ দি সেৱা জনাই আশীৰ্বাদ লোৱাৰ নিয়ম অতীজৰে পৰা চলি আহিছে।

গৰু বিহুৰ দিনাই গাঁৱৰ ডেকা,বুঢ়া,ল'ৰা সকলো একত্ৰিত হৈ ঘৰে ঘৰে হুঁচৰি গাই আশীৰ্বাদ দিয়ে । এই হুঁচৰি প্ৰথমতে গাঁৱৰ নামঘৰত তামোল পাণৰ শৰাই আগবঢ়াই হৰিধ্বনিৰে আৰম্ভ কৰা হয়। এনেদৰে আনন্দ ফূৰ্তিৰে অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুটি মাহজুৰি পালন কৰা হয়।

প্ৰতি বছৰে বসন্তৰ আগমনত প্ৰকৃতিয়ে ন কুঁহিপাতেৰে বহাগীক আদৰণি জনায়। অসমীয়া চহা জীৱনৰ প্ৰত্যেক জন ব্যক্তি বিহুৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ আহিছে আৰু ভৱিষ্যতলৈও জড়িত হৈ থাকিব।

এনেদৰেই বিহু যুগ যুগান্তৰলৈ প্ৰতিজনে অসমীয়াৰ হিয়াৰ কোণত সিঁচৰিত হৈ ৰওক ।


তিনিচুকীয়া, কাকপথাৰ

ফোন-৮৭২৪৮১২৮৫৯