প্ৰগতি গগৈ চাংমাই, নাজিৰা
হাতত কলমটো লৈ বহিছোঁ
স্ব-অংকনৰ প্ৰচেষ্টাৰে,
ক'ৰবাত যেন কেণা লাগিছে
পুনৰ থমকি ৰৈছোঁ।
নিজকে জুকিয়াই চাইছোঁ
পাৰ হৈ যোৱা দিনবোৰ,
কি দিব পাৰিছোঁ মই
এই সমাজখনক।
খোৱা-লোৱাইতো জীৱন নহয়
পাৰিলে কাৰোবাক গালি শুনাইছোঁ,
কাৰোবাক ককৰ্থনা
প্ৰতিক্ষণ স্বাৰ্থপৰ হৈ পৰিছোঁ।
আত্মসুখত মজি আত্মীয়ক পাহৰিছোঁ
বুকুৰ কুটুমক দূৰলৈ ঠেলি পঠিয়াইছোঁ,
শিপা পাহৰি আধুনিকতাত নিমগ্ন
সংস্কৃতিৰ অপমৃত্যু ঘটাই।
ইমান সহজ নহয়
আকৌ মোহাৰিছোঁ ,
মানুহে কি বুলি ভাবিব
নিজকে কেনেকৈ বেয়াকৈ অংকন কৰোঁ?
নিজকে সৎ মানুহ সজাইছোঁ
ভদ্ৰতাৰ মুখা পিন্ধি সভ্য সমাজত ঘূৰিছোঁ,
মোক কোনেও চিনি পোৱা নাই....
পাহৰি গৈছোঁ----নিজেই নিজৰ অচিনাকি হৈছোঁ।
মোৰ উপলব্ধিৰ বাহিৰত
দয়া, ক্ষমা, সততা;
মাথোঁ সততাৰ অভিনয় সুলভ
এযোৰ পোছাক মোৰ গাত।