Type Here to Get Search Results !

তোমাৰ কলিজাৰ ভালপোৱাৰ ৰঙ

 প্ৰিয়ংকা চমুৱা, ঢকুৱাখনা, লখিমপুৰ 


কলিজা এটুকুৰা ঘা লৈ ঘুৰিআছো
বুটলি ফুৰিছোঁ এহেজাৰ সপোন
মোৰ জীৱন জোনাকৰ
এদেও দুদেও কৰি মাথোঁ আগুৱাইছো
ভালপোৱাৰ দিকচৌ বাটেৰে
ক্ষণ গণি তোমাৰ অমিয়া সুৰৰ
কি যে জয়াল এই নিশা
তোমাৰ কোলাত মোৰ থৈ যেন টোপনি যাম
পাহৰি সংসাৰৰ সকলো মায়া
কি যে গভীৰ 
এই কিণ কিণ বৰষুণৰ
চিপ চিপ শব্দ
ধাৱমান পৃথিৱীত মই যেন হেৰাই যাম
নকৰোঁ একো জীয়াই থকাৰ জতিল অংক 
তোমাৰ কলিজাত মোৰ ছবি আঁকোতে
তুমিও শুনিছিলা নেকি
জীৱন বিনৰ সেই সুৰ ধ্বনি
মায়া লগা কলিজাৰ
বেজেৰুৱা উচুপনি
আপদিয়া, আপুৰুগীয়া
যেন সুৰৰ মায়াৱী তানপুৰা
তোমাৰ অসীম ভালপোৱাৰ বন্দনা