Type Here to Get Search Results !

স্তৱক

 গীতাশ্ৰী শৰ্মা       সাপেখাতী , চৰাইদেউ


ভালপোৱাবোৰ আচলতে সেউজীয়া
তুমি মই হে তাক ৰঙীন পোচাক পিন্ধাই
ৰংচঙীয়া মোহনীয়া কৰোঁ ,
হৃদয়ৰ কোনোবাখিনিত সংগোপনে ই
অনুৰাগৰ সুখময় পঁজা সাজি সপোন ৰচে
কিন্তু তুমি মই তাক দেহৰ সুষমাৰ তুলাচনীত তুলি
কামনাৰে নামাকৰণ কৰোঁ ৷