নীলিমা গগৈ, শিক্ষয়িত্ৰী,গেলেকী
অনবৰতে হাঁহি মাতি ভালপোৱা ছোৱালী জনীৰ সেউজীয়া পৃথিৱী খনত আজি এক স্ফুলিঙ্গৰ আবাহন| দগ্ধ আজি তাইৰ হৃদয়|দুৰু,দুৰু কৈ কঁপিছে তাইৰ নীলা আচলখন|খামুচিব খুজিও খামচি ধৰিব পৰা নাই বৰ্ষাই|এজাক ধুমুহাই উৰাই নিচে বাৰে বাৰে তাইৰ সু_কোমল নীলা আচলখন|তথাপি সজোৰে সাবতিছে তাই মৰমৰ আচলখন|
এক অজান আকাংক্ষাত অনবৰতে বৰ্ষাৰ বুকু খন দুৰু,দুৰু কঁপি থাকে |কিবা এটা হেৰুৱাৰ ভয়ে তাইক ছাঁ টোৰ দৰে অনবৰতে খেদি ফুৰে |
মাঘৰ উৰুকা আজি |গাঁৱৰ ডেকা গাভৰু সকলো মিলি ফুৰ্টী কৰিছে |সকলো মিলি _জুলি জুটি লগাই এসাঁজ খাইছে |সঙ্গীতৰ তালে,তালে সকলোৱে নাচিছে | বৰ্ষাৰ মনটো ঢাপলি মেলিলে অতীতৰ সেই দিনবোৰ লৈ ....|
এটা ,সময়ত সঙ্গীতেই আছিল বৰ্ষাৰ জীৱনৰ সুধা |সঙ্গীতৰ সুৰৰ মূৰ্চনাত প্ৰাণ পাইছিল তাইৰ ৰিক্ত হৃদয়ৰ ৰঙা গোলাপ বোৰ | হাজাৰ গোলাপে পাতিছিল সপোনৰ মেলা|
সময় বাগৰিল, আশাৰ পাপৰি বোৰ যে লাহে লাহে মৰহিবলৈ ধৰিলে | অৰ্ণিবাৰ্ণৰ সৈতে বিয়া হৈ অহা আজি তাই কুৰিটা বসন্তই হ'ল|এই কুৰিটা বছৰে তাইৰ ৰঙা গোলাপ জুপি ফুলা নাই প্ৰাণ ভৰি | বিলোৱা নাই হৃদয়ত সৰগী সুবাস | অৰ্ণিবাণৰ কঠোৰ অনুশাসনত ৰুদ্ধ হ'ল তাইৰ কণ্ঠ ! জীৱনৰ পথ| সপোন বোৰে মেলানি মাগিলে| সমাজৰ ৰীতি নীতি বিলাকৰ গ্ৰাসত বৰ্ষা হৈ পৰিল নিৰ্বাক,নিস্তব্ধ |ক'তনা দিন ,কতনা ৰাতি অলেখ বাৰ বুজালে অৰ্ণিবাণক |কিন্তু অৰ্ণিবাণ নিজৰ মতত দৃঢ়| বৰ্ষাক নিদিলে সুৰৰ মূৰ্চনা তুলিবলৈ |অৰ্ণিবাৰ্ণে বিছাৰিছিল বৰ্ষা হৈ ৰব লাগিব কেৱল আৰ্ণিবাণৰ | বৰ্ষাৰ মন,তন সকলোতেই আছিল কেৱল অৰ্ণিবাণৰ বিচৰণ| নিজাকৈ পৃথিৱী খনত খোজ দিয়াৰ মাদকতা বোৰ হেৰুৱাই পেলাইছিল বৰ্ষাই সেই দিনাই যি দিনা অৰ্ণিবাৰ্ণক সোমৰ গুৰিক সাক্ষী কৰি আপোন কৰি লৈছিল| নিজৰ সকলো ইচ্ছা, অনিচ্ছা জলাঞ্জলী দি বৰ্ষা হৈ পৰিল ঘৰখনৰ সকলোৱে মৰমৰ লখিমী বোৱাৰী| ৰুদ্ধ কৰি জীৱনৰ ছন্দ বোৰ বৰ্ষা হৈ পৰিল এগছি শলিতা বিহীন চাকি | সমাজত স্বীকৃতি পালে বৰ্ষাই দায়িত্ব শীল পত্নী,মাতৃ,আৰু আদৰ্শ বোৱাৰী | জীৱনৰ বলুকাত ভৰি দিলে এতিয়া বৰ্ষাই| ঘৰখনৰ সকলো দায়িত্ব এতিয়া বৰ্ষাৰ হাতত| এগৰাকী সম্ৰাজ্ঞী দৰেই ল'ব পাৰে এতিয়া বৰ্ষাই নিজৰ সিদ্ধান্ত| কাটিব পাৰে আলি দু _মোজাৰ কেঁকুৰী|
জীৱনৰ চাকনৈয়াত সাঁতুৰি নাদুৰী কিমান যে এৰাসুঁতি পাৰ কৰিলে বৰ্ষাই হেলাৰঙে|সেই সোঁতত কোনোদিন স্পৰ্শ উটি ভাঁহি যোৱা নাই বৰ্ষাই|হেলাৰঙে হাঁহি,হাঁহি অতিক্ৰম কৰিলে সেই দু _সময় বোৰ |
কিন্তু আজি...…?
এৰা,আজি যেন তাই ভাগৰি পৰিছে|
প্ৰশান্ত মহাসাগৰৰ অসান্ত বুকুৰ প্ৰবাল ঢৌবোৰে আজি তাইক ৰিঙিয়াই মাতিছে |দুৰ্বাৰ বাসনাই বৰ্ষাক টানি নিছে নীলাভ জলৰাশিৰ শীতলতালৈ |আলস্য দেহাটি হীম শীতল জলৰাশিত এৰি বৰ্ষাই সাগৰৰ গভীৰতা বোৰ চুব খুজিলে| মেঘালী চুলি কোচাত এক অবুজ শিহৰণে ঢৌ তুলি গ'ল |
এসাগৰ গভীৰ জলৰাশিৰ মাজত আজি কক্ বক্ কৰিছে বৰ্ষাই | সাগৰৰ গভীৰ সোঁত আৰু ঢৌ বোৰে বৰ্ষাক উদভান্ত কৰি তুলিলে| খামুচি ধৰিছে তাই সাগৰৰ নীলাভ বক্ষ | দু _হাতে স্পৰ্শ কৰিলে সাগৰৰ বক্ষত প্ৰবাল পুকৰ প্ৰবাল দ্বীপৰ মাজত থকা সেউজ বৃক্ষ জুপি | এটা সময়ত বৰ্ষাই বিচাৰি পালে এটা উজ্বল ৰত্ন|পবালি হাতৰ লিহিৰী আঙুলিৰে তাই তুলিধৰিলে আলফুলে হেঁপাহৰ মানিক টি | উজ্বলি উঠিল বৰ্ষাৰ মনৰ জগতখন | অসীম উদ্যমেৰে বৰ্ষাই সাঁতুৰিব ধৰিলে নীলাভ সাগৰৰগভীৰ জলৰাশিত |এটা সময়ত পাৰ হব তাই সাগৰ বক্ষ| |মন আকাশত নতুন সূৰুযে আবিৰ চতিয়াব |আকৌ উজ্জীৱিত হ'ব বৰ্ষাৰ ৰঙীন দিনৰ সেই ৰঙীন হাঁহি বোৰ, সপোন বোৰ |
অলেশ ভাৱনাৰে বৰ্ষাক কৰি তুলিলে চঞ্চলা |চিঞৰি, চিঞৰি ক'ব যেন তাই আজি মেদিনী কঁপাই "পোহৰে কি জানে ৰাতিৰ কি বেদনা|"