Type Here to Get Search Results !

ৰমজান মাহ

 নিলোফাৰ ৰহমান


 ইছলাম শব্দৰ অৰ্থ হৈছে শান্তি।বছৰৰ আটাইকেইটা মাহৰ ভিতৰত এই ৰমজান মাহটোক অতি পবিত্ৰ মাহ বুলি গণ্য কৰা হয়।ৰমজান মাহৰ পোন্ধৰ দিনৰ আগৰ এটি ৰাতিও(শ্ববে বৰাত) অতি পবিত্ৰ ৰাতি বুলি ভবা হয়।এই ৰাতিটোত প্ৰত্যেকজন ব্যক্তিৰ ভাগ্যৰ তালিকা নিৰূপণ কৰে বুলি বিশ্বাস কৰা হয় আৰু সেয়ে এই ৰাতি উজাগৰে থাকি আল্লাহৰ গুণানুকীৰ্তন কৰা হয়।বহুজনে এই ৰাতিৰ আগৰ আৰু পাছৰ দুটা দিনও সামৰি তিনিটা, দুটা নাইবা এটা হ'লেও ৰোজা(ব্ৰত)পালন কৰে।
                     এই শ্ববে বৰাতৰ পৰা পোন্ধৰ দিনৰ পাছত ৰমজান মাহ আৰম্ভ হয়।ইছলামিক কেলেণ্ডাৰত মহৰম মাহৰপৰা জিলহজ মাহৰ এই বাৰটা মাহৰ ভিতৰত ৰমজান মাহটো নৱম মাহ।এই মাহটোক অতি পবিত্ৰ মাহ বুলি গণ্য কৰা হয়।ৰমজান মাহত ইছলাম ধৰ্মালম্বী লোকসকলে সূৰ্য উদয় হোৱাৰ প্ৰাকক্ষণৰপৰা আৰম্ভ কৰি সূৰ্য অস্ত যোৱালৈকে সকলো ধৰণৰ পানাহাৰৰ পৰা বিৰত থাকে।ইয়াৰ উপৰিও নামাজ(প্রার্থনা)কোৰান তিলাৱত( কোৰান পাঠ)কৰি ঈশ্বৰৰ গুণানুকীৰ্তন কৰা হয়।সামৰ্থ থকা লোকসকলে জাকত(দান-দক্ষিণা)দিয়ে।এই মাহটোত কৰা সকলো ভাল কামৰ বহুগুন পুণ্যফল পোৱা যায় বুলি ভবা হয়।যিসকলে ৰোজা ৰাখে তেওঁলোকক ৰোজাদাৰ বুলি কোৱা হয় আৰু এই ৰোজাদাৰ সকলক সামান্য এটি খাদ্যবস্তুৰেই যদি ইফটাৰ কৰোৱা হয় সেই এটি এটি খাদ্যৰ ওপৰত সীমাহীন পূণ্য লাভ কৰিব পাৰি।
      ৰোজা পালন কৰিবলৈ যি সামান্য পৰিমাণৰ খাদ্য গ্ৰহণ কৰা হয় তাক চেহেৰী বোলে আৰু একেদৰেই ৰোজা ভাঙিবলৈ যি খাদ্য গ্ৰহণ কৰা হয় তাক ইফটাৰ বুলি কোৱা হয়।
   শেষত সকলোলৈকে বিনম্ৰতাৰে অনুৰোধ কৰিছোঁ সকলোৱেই দুৱা আৰু আৰ্শীবাদ কৰিব যাতে পৃথিৱীৰ প্ৰত্যেকজন ইছলামী ব্যক্তিয়েই এই পবিত্ৰ মাহটিত সুস্বাস্থ্যৰ অধিকাৰী হৈ নিজৰ কৰ্তব্যসমূহ সুকলমে সম্পাদন কৰিব পাৰে।