Type Here to Get Search Results !

নাৰী বোৰ সুখী হওঁক

 সবিতা বৰুৱা ফুকন


কিমান মৰম পালে
নৰীবোৰ সুখী হয় ?
কিমান সন্মান যাঁচিলে 
নাৰীৰ বুকুত আশাৰ
ফুল ফুলে,
কেনেকৈ প্ৰাৰ্থনা কৰিলে
নাৰীৰ বাবে ভগৱান
প্ৰসন্ন  হয়...

কপালত উজ্বলি থকা
জোন যেন সেন্দুৰৰ ফোটটোৱে,
কিমান নাৰীৰ
সপোন সজাই  ?
কয়নে উচুপিবলৈ,
কয়নে  হতাশ হ'বলৈ  ?

হাজাৰ জিজ্ঞাসা আৰু
উত্তৰ হীনতাৰ যন্ত্ৰণাইও
দিগ্ ভ্ৰান্ত কৰিব ‌নোৱাৰা
  হে  নাৰী,
প্ৰাৰ্থনা কৰিছোঁ মই
সহস্ৰ  ৰাতি
তুমি সুখী হোৱা
সুখী হওঁক  সকলো নাৰী ।