Type Here to Get Search Results !

নাৰী মই স্বপ্নদ্ৰষ্টা


 জোনালী গগৈ, শিৱসাগৰ

জুইফুলৰ চোতালত
ৰক্তিম দলিচা পাৰি
ৰং তুলিৰে জীৱন বিথীকাত
আপোচবিহীন ছবি আঁকিব জনা
স্বপ্নদ্ৰষ্টা নাৰী মই।
ৰংমহল বিদাৰী 
অগ্ৰগামী সংগ্ৰামী শ্ৰোতস্বিনী মই,
চিতাৰ জুইত বহি
দেশৰ মাটিত বোৱাব পাৰোঁ
তপ্ত তেজৰ বণ্যা
নাৰী মই স্বপ্নদ্ৰষ্টা -----।