Type Here to Get Search Results !

নাৰী দিৱস উপলক্ষ্যে এখনি গ্ৰন্থৰ অনুভৱ

 মনস্বিনী শৰ্মা


সমাজ এখনৰ বিভিন্ন ক্ষেত্ৰত পুৰুষৰ সমানে আগবাঢ়ি যোৱা নাৰীসকলৰ অৰিহণাক সন্মান জনাই, নাৰী সৱলীকৰণৰ বাবে বিভিন্ন দৃষ্টিভঙ্গী,কাৰ্যপন্থা লোৱাৰ মানসেৰে প্ৰতি বছৰে ৮ মাৰ্চ দিনটো উদ্‌যাপন কৰা হয় 'আন্তজাৰ্তিক নাৰী দিৱস'।নাৰীৰ বৈচিত্ৰময় জীৱনৰ আছে বহু বিচিত্ৰ চৰিত্ৰ।কিছু চৰিত্ৰ সমাজৰ বাবে আদৰণীয় আৰু প্ৰকাশিত।আন কিছু চৰিত্ৰ সমাজৰ বুকুতে থাকি অৱহেলিত।নাৰীৰ এনে এক যন্ত্ৰণাক্লিষ্ট চৰিত্ৰ হৈছে 'বেশ্যা'।কেতিয়াও সন্মানৰ দৃষ্টিৰে নোচোৱা এই বেশ্যাসকলৰ কথা নাৰী দিৱসত কিমান প্ৰাসঙ্গিক সেয়া চিন্তনীয়।কামাতুৰ পুৰুষৰ শাৰীৰিক ক্ষুধা নিবাৰণ কৰি অহা এই বেশ্যাসমাজৰ কাহিনীৰে ঔপন্যাসিক জুৰি বৰা বৰগোঁহাঞিয়ে সৃষ্টি কৰিছিল 'ভোক' শীৰ্ষক গ্ৰন্থ। তথ্যসম্বলিত লেখনিৰে সমৃদ্ধ এই গ্ৰন্থখন প্ৰকাশ পাইছিল ২০১৫ চনত। 'ভোক' শীৰ্ষক উপন্যাসখনৰ কাহিনীভাগ এগৰাকী তিব্বতী ভগনীয়া ছোৱালীৰ মাধ্যমেৰে প্ৰকাশ কৰা হৈছে।পেটৰ ভোকে বেশ্যা জীৱন আকোঁৱালি ল'বলৈ বাধ্য কৰা তিব্বতী ছোৱালীজনীৰ সৰুৰ পৰা আৰম্ভ কৰি প্ৰথমবাৰৰ বাবে এই বৃত্তি গ্ৰহণ,বিভিন্ন ৰূপত এই ব্যৱসায় আৰু শেষ বয়সত 'দোকান বন্ধ' হোৱাৰ পাছত এখন বেশ্যালয়ত তেওঁৰ বৃদ্ধাৱস্থালৈকে উপন্যাসখনে সামৰি লৈছে।চুটি চুটি বাক্যৰ ব্যৱহাৰেৰে লেখিকাই প্ৰথম কেইপৃষ্ঠামানতে পাঠকক কাহিনীৰ অন্তৰ্ভাগলৈ লৈ গৈছে।তাৰ পিছতে নিৰৱচ্ছিন্নভাৱে কৈ গৈছে আমাৰ অজ্ঞাতে মানৱ সমাজত চলি থকা কৰুণতম কাহিনীৰ কথা।লেখিকাই উপন্যাসখনত নায়িকাৰ নাম উল্লেখ নকৰাকৈয়ে নায়িকাৰ মাজেদিয়েই পাঠকক বিভিন্ন চৰিত্ৰৰ ঘটনাক্ৰমে উমান দিছে।লেখিকাই উপন্যাসখনত এই সমস্যাৰ সমাধান সূত্ৰ দেখুওৱা নাই।কাৰণ এই সমস্যাৰ সমাধান ইমান সহজ নহয়।উপন্যাসখনত বুদ্ধিমান বেশ্যাৰ চৰিত্ৰ দেখা পোৱা নাযায়।ইয়াত কেৱল 'চিনু' নামৰ চৰিত্ৰটোহে অৰ্ধশিক্ষিত।বাকী সকলো চৰিত্ৰই অশিক্ষিত।প্ৰায় ২৫৪ পৃষ্ঠাযোৰা এই উপন্যাসখনত বেশ্যাবৃত্তিৰ বিভিন্ন প্ৰকৃতি, গতি-বিধি,নাৰী সৰবৰাহ, বেশ্যাৰ ব্যক্তিগত জীৱন,বেশ্যাৰ শেষকালৰ অৱস্থা, বৃত্তিগত ৰোগ,তথাকথিত সমাজসেৱা গোটবিলাকৰ প্ৰকৃত স্বৰূপ,বেশ্যাৰ বাবে সৃষ্টি হোৱা কল্যাণকামী আঁচনিৰ বিফলতা আদি বাস্তৱসন্মত আৰু বিশ্বাসযোগ্যৰূপে দাঙি ধৰিছে।যৌনতা সম্পৰ্কীয় বিষয়বস্তু উপস্থাপনত লেখিকাই যথেষ্ট সংযমৰ পৰিচয় দিছে।উপন্যাসখনত বেশ্যাসকলক এঠাইৰ পৰা আনঠাইলৈ সলনি কৰি থকাৰ দৃশ্যই সূচায় যে এই মানুহবোৰৰ কোনো থানথিত নাই।সময়ে যি দিশে ঠেলা মাৰিছে,তেওঁলোক সেই দিশে যাবলৈকে বাধ্য।উপন্যাসখনত বেশ্যাৰ প্ৰেমৰ চৰিত্ৰইও প্ৰকট কৰিছে। 'জনাৰ্দন' নামৰ চৰিত্ৰটোৰ যোগেদি নায়িকাৰ জীৱনলৈ ক্ষন্তেকীয়া প্ৰেম অহা দেখুওৱা হৈছে।কিন্তু উক্ত চৰিত্ৰক লেখিকাই সোঁশৰীৰে পাঠকসমাজৰ মাজলৈ অনা নাই। পেটৰ ভোকৰ বাদেও বিলাসী ভোগ স্বাৰ্থৰ বাবে শৰীৰ বিক্ৰী কৰা 'ছদ্মবেশী বেশ্যা' ৰ আভাষও লেখিকাই দাঙি ধৰিছে।বেশ্যালয়ৰ পৰিৱেশ যে প্ৰায় হুলস্থূলীয়া,উচ্ছৃংখল হৈ থাকে লগতে গ্ৰাহকৰ বাবে বেশ্যাসকলৰ মাজত টনা-আঁজুৰা লাগে সেই বিষয়েও লেখিকাই গ্ৰন্থখনৰ মাজেৰে প্ৰকাশ কৰিছে।গ্ৰাহকৰ বাবে বেশ্যাসকলে সৌন্দৰ্যচৰ্চাৰে নিজকে আৰ্কষণীয় কৰি ৰাখে।
         'ভোক' উপন্যাসে পাঠক সমাজক জোঁকাৰি গৈছে। কেৱল এমুঠি ভাতৰ বাবে এই পথলৈ অহা বিপৰ্যস্তসকলৰ নামত উৎসৰ্গিত গ্ৰন্থখনত কামাতুৰ পুৰুষৰ যৌনক্ষুধা নিবাৰণত এইসকল মহিলাই নিজকে সৰ্মপণ কৰে।উপন্যাসখনত এনে কিছুমান চৰিত্ৰ, ঘটনা আছে যি সমাজৰ আগত অপ্ৰিয় ৰূপে বিবেচিত হয়। মানৱীয়তা,অধিকাৰ,ভৱিষ্যৎ এই সকলোবোৰ শব্দৰ পৰা বেশ্যাসকল বহু নিলগত।এয়াই হয়তু উপন্যাসখনৰ বৃহৎ সাফল্য।
      নাৰী দিৱসৰ বেলিকা এনে এখন স্পৰ্শকাতৰ গ্ৰন্থ অধ্যয়ন আৰু সমাজৰ চকুলৈ সততে নহা এনে চৰিত্ৰৰ অনুধাৱনে বহু কথাই ভবাই তুলে।

 স্নাতকোত্তৰ দ্বিতীয় ষাণ্মাসিক।অৰ্থনীতি বিভাগ। ডিব্ৰুগড় বিশ্ববিদ্যালয়