Type Here to Get Search Results !

জীৱন

 হীৰামণি বেজবৰুৱা


জীৱনে জানো সকলোকে
সমানে সুখ দিব পাৰিব,
হয়তো নোৱাৰে!
সপোনে জানো সকলোকে
দিঠক দেখুৱাব পাৰিব,
হয়তো নোৱাৰে!
আশা এ জানো সকলোকে
জীৱনৰ ৰং দেখুৱাব পাৰিব,
হয়তো নোৱাৰে!
মৰমে জানো সকলোকে
অভিমানী কৰিব পাৰিব,
হয়তো নোৱাৰে!
মৰম - স্নেহ, হাঁহি - কান্দোন
সুখ - দুখ, আশা - ভৰষা
এই দুদিনীয়া জীৱনে
কাকো সুখী কৰিব নোৱাৰে,
নিজে নিজক চিনি
নিজে নিজৰ কথা ভাবি,
নিজেই জীয়াই থাকিব লাগিব!!
জীৱন জীন্দাবাদ।