Type Here to Get Search Results !

ইতিবাচক মনোবৃত্তি সফলতা লাভৰ মূল চাবি-কাঠী

 ৰঞ্জিত চুতীয়া


 "Attitude is everything' -- Jeff Keller.
                মানুহৰ সফলতা-বিফলতা, সুখ-দুখ, বিৰহ-বেদনা সকলোবোৰ নিৰ্ভৰ কৰে চিন্তাধাৰা বা মনোবৃত্তিৰ  (attitude) ওপৰত। মানুহৰ মনোবৃত্তিৰ ওপৰতেই নিৰ্ভৰ কৰে তেওঁ সমস্যাৰ বেহু ভেদিব পাৰিব নে গভীৰতালৈ গতি কৰিব। যদিহে ব্যক্তিয়ে ইতিবাচক চিন্তাক প্ৰশয় দিয়ে, তেন্তে তেওঁৰ আত্মবিশ্বাস বাঢ়িব আৰু সমস্যা সমাধানৰ পথ বিচাৰি পাব। আনহাতে যদিহে নেতিবাচক চিন্তাক প্ৰশয় দিয়ে, তেন্তে তেওঁৰ সন্মুখত হেজাৰ প্ৰতিৰোধক থিয় দিব।
                     মানুহৰ জীৱনত ঘটি থকা সঁচা ঘটনাবোৰৰ হিচাপ নিকাচ বা পোৱা-নোপোৱাৰ তথ্যপাতিবোৰ যিমান মহত্ত্বপূৰ্ণ, তাতকৈ অধিক মহত্ত্বপূৰ্ণ আমাৰ মনোবৃত্তি। মানুহে জীৱনত সন্মুখীন হোৱা প্ৰতিকূল পৰিৱেশ পৰিস্থিতি যিমানেই নিৰাশাজনক নহওক কিয়, যিমানেই আহুকলীয়া নহওক লাগিলে, সেই পৰিস্থিতিক আমি যিমান গুৰুত্ব দিব লাগে, তাতোকৈ বহু বেছি গুৰুত্ব দিব লাগে সেই পৰিস্থিতিটো মোকাবিলা কৰিবলৈ প্ৰয়োজনীয় দৃষ্টিভংগী বা মনোবৃত্তি।
                    পৃথিৱীৰ প্ৰত্যেক মানুহৰ ৰুচি-অভিৰুচি ভিন্ন। কোনোবাই কিবা এটা ভাল পোৱাটো আন এজনৰ ভাল নালাগিবও পাৰে। সেইটোক লৈ সন্মুখতেই বা পিছতেই হওক সমালোচনা কৰা দেখা যায়। আমাৰ সমাজত এনে বহু লোক পোৱা যায় যিসকলে আনৰ সমালোচনা বা পৰৰ্চাত নিজৰ বহু অমূল্য সময় অবাবত নষ্ট কৰে। এনে নীচ মনোবৃত্তি লোকে কেতিয়াবা মানুহৰ মনোবল ভাঙি দিয়া দেখা যায়। এনে ধৰণৰ সমালোচনাৰ পৰা হাত সাৰিবলৈ প্ৰত্যেকে নিজৰ মানসিকতা সলনি কৰিব লাগিব। গ্ৰীক দাৰ্শনিক এৰিষ্টট'লে এই বিষয়ত এক ধুনীয়া মন্তব্য আগবঢ়াইছিল -- "There's only way to avoid criticism, do nothing, say nothing and be nothing." সমালোচনক গুৰুত্ব নিদি তাৰ পৰা নিজক সংশোধন কৰিবৰ চেষ্টা কৰিলে আমি সকলোৱে জীৱনত আগুৱাই যাব পাৰিম আৰু সুখী হৈ থাকিব পাৰিম। প্ৰকৃতাৰ্থত সকলো বস্তুৰে ইতিবাচক আৰু নেতিবাচক দুটা দিশ থাকে। ঠিক সেইদৰে সমালোচনাৰো এই দুয়োটা দিশেই আছে আৰু এই দুয়োটা দিশেই আমাৰ জীৱনত কিদৰে প্ৰভাৱ পেলাব, সেইটো নিৰ্ভৰ কৰে আমাৰ নিজৰ ওপৰত। বিশেষকৈ আমি কি দৃষ্টিভংগীৰে ইয়াক গ্ৰহণ কৰো, সেইটোৰ ওপৰত নিৰ্ভৰ কৰে। কোনোবাই আমাক বেয়াকৈ সমালোচনা কৰিলে আমি সহজেই ভাগি পৰো, কিন্তু তাৰ সলনি যদি আমি নিজৰ আত্মবল বৃদ্ধি কৰি সৎ পথত কৰ্ম কৰি যাওঁ, তেতিয়া সকলোৱে নিশ্চয় সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব।
                   সেয়েহে অপৰিসীম মানসিক শক্তি অধিকাৰীসকলে হঠাৎ আৱিৰ্ভাৱ হোৱা যিকোনো বিপদ বা প্ৰত্যাহ্বান সাহস, আত্মবিশ্বাস আৰু বুদ্ধিদীপ্ততাৰে প্ৰতিহত কৰিবলৈ সক্ষম হয়। কিন্তু বাকীসকলৰ মনোজগতখন ছেদেলি-ভেদেলি কৰি পেলায়। ফলত তেওঁলোকে অথাই সাগৰত ককবকাবলগীয়া হয়। গতিকে নিজৰ ওপৰত বিশ্বাস ৰাখি ইতিবাচক চিন্তাধাৰাৰে জীৱনলৈ অহা প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰি সফলতা লাভ কৰিব লাগিব।
                     জীৱনত সফলতা লাভ কৰিবলৈ জন্মগত ভাবে কোনো বিশেষ প্ৰতিভা থকাৰ প্ৰয়োজন নাই। বিফলতাক জয় কৰাৰ মনোবল আৰু একে লেথাৰিয়ে কৰা প্ৰচেষ্টাৰ ফলত সফলতা জখলাত বগাই যোৱাত সহায় কৰে। এই পৃথিৱীত এনে বহু লোক আছে, যি জীৱনৰ ব্যৰ্থতা বা বিফলতাৰ মাজেদিয়েই জীৱনৰ মহত্তম সৃষ্টিৰো পাতনি মেলিছে। উদাহৰণস্বৰূপে বিশ্ববিজয়ী নেপোলিয়নৰ প্ৰথম অৱস্থাত ব্যৰ্থতাই হেনো আনিছিল তেওঁৰ জীৱনলৈ অদম্য সাহস, দৃঢ়তা আৰু অপৰাজেয় শক্তি। সেইদৰে পৃথিৱীৰ শ্ৰেষ্ঠ কবিসকলৰ ভিতৰত অন্যতম হাইৰিন হাইনে ষ্ট্ৰ'ক হৈ পৰি থাকি অসহ্য যন্ত্ৰণাৰ মাজতে তেওঁৰ সৰ্বশ্ৰেষ্ঠ কবিতাসমূহ লিখিছিল।
                   মানুহৰ জীৱনৰ লক্ষ্য যিয়েই নহওক কিয়, সেই লক্ষ্যত উপনীত হ'বলৈ বিশেষ মানসিক গুণৰ অধিকাৰী হ'ব লগা হয়। মানুহে জীৱন পথত আগুৱাই যায় আৰু এটা সঠিক সিদ্ধান্তই আমাৰ জীৱনৰ একোটা একোটা পথ পোহৰাই আমাক আগুৱাই যোৱাত সহায় কৰে।
                    প্ৰত্যেক মানুহৰ জীৱনতেই সংগ্ৰাম হৈছে জীৱনৰ এক অংশ। কিন্তু সেই সংগ্ৰামৰ সৈতে যুঁজি যুঁজি সংগ্ৰাম ৰূপী সমস্যাক অতিক্ৰম কৰি জীৱন যুদ্ধত জয়ী হ'ব পৰাটোহে জীৱনৰ প্ৰকৃত শিল্প। আচলতে নিৰন্তৰ সংগ্ৰাম কৰি সফলতা লাভৰ শেষ হাঁহি মৰাতেই হয়তো লুকাই আছে জীৱনৰ সাৰ্থকতা।
               মানুহৰ জীৱনলৈ ধন-সম্পত্তি আহে যেনেকৈ হঠাৎ কেতিয়াবা হেৰুৱাইও তেনেকৈ। সকলো সা-সম্পত্তি হেৰুৱাই সৰ্বস্বান্ত হ'লেও যি অৱশিষ্ট থাকে, সেইখিনিৰে জীৱনটো আকৌ নতুনকৈ গঢ় দিব পাৰে। যেনেকৈ এটি ক্ষুদ্ৰ বীজৰ পৰাই এজোপ বিশাল বৃক্ষ সৃষ্টি হ'ব পাৰে। সেয়ে হেৰুৱা আত্মবিশ্বাস ঘূৰাই অন্তৰত নতুনকৈ শক্তি সঞ্চাৰ কৰি, সময়ক সঠিক ব্যৱহাৰ কৰি, জীৱনটো আকৌ নতুনকৈ আৰম্ভ কৰিব পাৰি। গতিকে জীৱনলৈ অহা বিপদে সৰ্বস্বান্ত কৰি পেলোৱা বুলি নিজক দুৰ্বল কৰি পেলাব নালগে। বৰং দুগুণ সাহস, উৎসাহ আৰু আত্মবিশ্বাসেৰে আগবাঢ়ি যোৱাৰ পণ ল'ব লাগে। কাৰণ সাহস আৰু আত্মবিশ্বাস অবিহনে সফলতা প্ৰাপ্তি অসম্ভৱ।
                   আমি প্ৰত্যেকেই আচলতে নিজে ভবাতকৈ বহু বেছি শক্তিশালী। প্ৰতিগৰাকী উচ্চাকাংক্ষী মানুহৰ এটা নিজস্ব ইচ্ছা শক্তি থাকে। সেয়ে স্বামী বিবেকানন্দই কৈছিল -"প্ৰতিজন মানুহৰ মাজত ইমান এক প্ৰচণ্ড শক্তি আছে যে তাক মানুহে নিজেই উমান নাপায়। কিন্তু যেতিয়া সেই শক্তি এবাৰ চিনি পায়, তেওঁ সিংহৰ বলীয়ান হৈ সেই কামত অসাধ্য সাধন কৰিব পাৰে।" গতিকে মানুহৰ অন্ততম প্ৰদেশত সুপ্ত হৈ থকা শক্তিক জাগ্ৰত কৰি তুলিব পাৰিলে অসাধ্য বুলি একো নাই।
                   বিখ্যাত দাৰ্শনিক মাৰ্কাছ অৱলয়েডে কৈছিল --" Our life is what our thoughts make it."  অৰ্থাৎ আমাৰ ভাৱনাই আমাৰ জীৱন। গতিকে আহক, জীৱনক সদায় ইতিবাচক দৃষ্টিভংগীৰে চাওঁ আৰু নিজৰ মনৰ স্থিতিক সদায় জীৱনবোধ গভীৰতাৰে জীপাল কৰি ৰাখিবলৈ চেষ্টা কৰো।