তুলিকা বৈশ্য দাস, গুৱাহাটী (সোণাপুৰ)
হে আই-তুমি আমাক বুকু পাতি লৈছা সাৱটি
ধৈৰ্যশীলা ধৰিত্ৰী , শক্তিৰূপীনী , সহনশীলা ,
মহিমাময়ী, মঙ্গলময়ী , জীৱনদায়িনী
জননী তুমি , মাতৃৰো মাতৃ তুমি,
সৃষ্টিশীলা মহীয়সী-গৰীয়সী
তুলনাবিহীন ত্যাগী তুমি
কত সুউচ্চ পৰ্বত-পাহাৰৰ ভাৰ সহি
সাগৰ-মহাসাগৰৰ ধাৰ-ঢৌ বুকুয়েদি পাৰ কৰি
হৌ হৌ কৰে কত জলপ্ৰপাতৰ ঢৌৱে
তোমাৰ বুকুত খুন্দা মাৰে আহি
বিস্তৃত জলৰাশিয়ে আছে তোমাকেই বেৰি
অথচ সেউজী কোলাত আমাক ৰাখিছা তুলি
শীত-তাপ , ৰ'দ- বৰষুণ
প্ৰকৃতিৰ সকলো নিয়ন্ত্ৰণ কৰি
শিলাবৃষ্টি , প্ৰলয়ঙ্কৰী ভুমিকম্প ,
বানপানী, ধুমুহা আদিৰ কবলৰপৰা
নিজকে ৰক্ষা কৰি , নিজৰ কক্ষপথত
সত্য সূৰ্যক প্ৰদক্ষিণ কৰা এটি গ্ৰহ তুমি
বৃহৎ সাতোৰঙী ৰামধেণুৰ ৰঙৰ দৰে ৰঙীণ কৰি
প্ৰকৃতিৰাণীৰ সৃষ্টিৰ ভঁৰাল চহকী কৰি
অপাৰ খাদ্য সম্ভাৰৰ বন্যা বোৱাই
অৰ্পণ কৰিছা আমালৈ তুমি
বুকু চিৰাচিৰ কৰা
শুকান মৰুভূমিৰো স্থান
তোমাৰ বুকুতেই আই...
দাওঁ দাওঁকৈ জ্বলা
ৰাক্ষসৰূপী ভয়ঙ্কৰ বহ্নিশিখা
আগ্নেয়গিৰিকো বুকু পাতি ধৰিছা তুমিয়েই আই
সুমেৰু-কুমেৰুৰ বৰফকে ধৰি
সোণৰখনি , ৰূপৰ পাহাৰ তুমিয়েই ৰাখা ধৰি
সকলোকে ধৰি ৰখা ধৰণী তুমি
তুমিয়েই ধৰা , পৃথিৱী তুমি,
স্নেহময়ী, অগতিৰো গতি তুমিয়েই
তোমাৰ গৰ্ভত আৰু যে কত কি
ৰাখিছা লুকাই আই...
তোমাৰ ৰূপৰ তুলনাই নাই...
তোমাৰ অপাৰ মহিমাই আমাৰ সাহস
আমাৰ প্ৰেৰণা, সঞ্জীৱনী শক্তি আমাৰ হিয়াৰ
আই তুমিয়েই বসুন্ধৰা, উৰ্বৰা শক্তি আমাৰ ,
আমাৰ আধাৰশীলা, তুমি মোহনীয়া,
আই°°°তুমি অনন্যা...
স্ৰষ্টাৰ সৃষ্টি তুমি বসুমতী আই...
তোমাক সুমতি দিছে উপচায়
দুখৰ কোনো কাৰণেই নাই
ধৰাৰ সকলো তোমাতেই লীন যায়
শান্তিৰে দয়াৰে সকলো কৰ্ম
সাহসেৰে কৰাই তোমাৰ ধৰ্ম আই...
আই...তুমিয়েই আমাৰ ভৰষা
মা°°°তুমিয়েই আমাৰ সকলোৰেই প্ৰিয়তমা
তোমাৰ অবয়বক কৰোঁ নমস্কাৰ...শত সহস্ৰবাৰ
আই তোমাক প্ৰণামো আই...
শত কোটিবাৰ , শত কোটিবাৰ...