Type Here to Get Search Results !

চিলা

 গীতাঞ্জলি দেৱী


                       (১)
মোৰ সুখ এখন মুকলি আকাশ 
মোৰ সুখ এজাক ঢৌ-তোলা সমীৰ  
মোৰ সুখ সাতোটা ঘোঁৰাৰ বেগ
মোৰ সুখ সমগ্ৰ নিখিল-নিৰ্জন দ্বীপৰ ।
                   
                   (২)
তথাপি মোৰ ঠিকনা তোমাৰ ওচৰত 
তথাপি মোৰ পৰিচয় তোমাৰ ওচৰত 
তোমাৰ দুচকুত বন্দি হৈ মই নাচোঁ
মুকলি হৈও মুকলি নহওঁ তোমাৰ মায়াত ।

                   (৩)
কেতিয়াবা  মই নিখোজ হোৱাৰ বাতৰি ওলায় 
উৎকণ্ঠা এটা আৰণি-জাৰণিয়ে ঘূৰে
নিৱৰ্তমান মোৰ দুখ,অসুখ 
মই নিখোজ হোৱা বাতৰিত মোৰ অস্তিত্ব হেৰায় ।