প্ৰগতি গগৈ চাংমাই
_শৰালিযোৰ দেখিছানে তুমি? নীলা আকাশখনলৈ আঙুলিয়াই দেখুৱালে অসীমে৷
_ওম
_মোৰো তেনেকৈ মুক্তমনে তোমাৰ মন আকাশত উৰিবলৈ মন আৰা৷ দিবানে?
_কি যে কোৱা৷ তুমিতো কেতিয়াবাই মোৰ মনত সোমাই পৰিলা৷
আৰাধ্যাই অসীমক আপুনিৰ পৰা তুমি কোৱা হ'ল৷
_হয়৷ কিন্তু মোৰ যে তোমাক একেবাৰে কাষত পাবৰ মন৷ চিৰদিনলৈ..
_কিয় এতিয়াওতো মই তোমাৰ কাষতে আছোঁ৷ তাৰ গাত আঁউজি আৰাধ্যাই কৈ উঠিল৷
_ধেইট এইজনী৷ মই তোমাক একেবাৰে নিজৰ কৰি পোৱাৰ কথা কৈছোঁ৷ মোৰ কাষত৷ পুৱা-গধূলি সদায় মোৰ ওচৰত৷
_হৈছে হৈছে প্ৰভু৷ দেউতাক ক'বলৈ ক'লে কয়৷ মই এতিয়া বেকাৰ! নিবনুৱা৷ এতিয়া পাতনি মেলিছা এয়া৷
_এৰা৷ আৰা, মই একো এটা নকৰাকৈ তোমাৰ কথা ক'বলৈ যাবলৈ মোৰ সাহস নাই৷ তোমাৰ দেউতাৰ চাকৰিৰ তুলনাত মোৰ একো নাই বৰ্তমান৷ (আৰাধ্যাৰ দেউতাক নীপকোৰ চাকৰিয়াল)
_হ'ব দিয়া৷ তুমি চিন্তা নকৰিবা৷
_আৰা,তুমি আনৰ হৈ নোযোৱাটো?
_যাম দস্তুৰমত।
_ …৷ সি আচৰিত হৈ তাইলৈ চালে৷
_ধেমালি কৰিলোঁ। নাযাওঁ৷ কেনেকৈ যাম বাৰু? তোমাক মোৰ হৃদয়ত স্থান দিছোঁ৷ এজনক মন দি আন এজনলৈ যোৱাটো অসম্ভৱ৷ ভালপোৱা এনেকুৱা নহয় যে আজি মন গ'ল সামৰি ল'লো কালিলৈ আঁতৰাই পঠিয়ালোঁ।
_আৰা তুমি গোটেই জীৱন মোৰ হৈ ৰ'বানে?
_মইতো তোমাৰে৷ তোমাৰ বাবে ৰৈ থাকিম আজীৱন৷
কৈ তাই তাৰ বুকুত সোমাই পৰিল৷ সি আলফুলে সাৱটি ল'লে৷ নৈ পাৰৰ কঁহুৱা ডৰাৰ সিপাৰে থকা বাঁহনিখনৰ সিপাৰে বেলিটোৱে লাজতে মুখ লুকুৱালে৷
সি আওৰালে তাৰ ভাললগা কবিতাৰ দুশাৰীমান...
"মোৰ মন সমুদ্ৰত খলকনি লগোৱা
তুমি এটি ঢৌ,
পাৰাপাৰহীনভাৱে বিচাৰোঁ
বৰ্তমানৰ পৰা ভৱিষ্যতলৈ,...
আদিৰ পৰা অনাদিলৈ..
জীৱনৰপৰা মৃত্যুলৈ..
এনেদৰেই
বৈ থাকক
মৰমবোৰ
ভালপোৱাবোৰ..
হিয়াৰ পৰা হিয়ালৈ
শেষ নোহোৱাকৈ।"
হৈছে হৈছে। কবিবৰ! এতিয়া সময় হ'ল ঘৰলৈ যোৱাৰ।
- আৰা, তোমাক এৰি যাবলৈ মনেই নাযায়চোন।
- যাবতো লাগিবই। গধূলি হৈ আহিছে। ঘৰত চিন্তা কৰিব।
-ওম, ব'লা।
দুয়ো হাতত ধৰাধৰিকৈ ঘৰলৈ বুলি খোজ ল'লে।