বিদ্যাৱতী গগৈ
চিফুঙত এক মিঠা সুৰ
সুৰত নাচে বনবিহগীৰ
ৰঙপি প্ৰমিলি পামে ।
কন্ঠত মধুৰতা ৰাগ
বিস্তাৰিত দুৰ দিগন্ত
ওদঙোৱা মন ফাগুনৰ অনুগ্ৰ বৰষুণ
তাতেই দেখা পালো সাগৰ
গভীৰ কল্লোল ।
বাঁহীৰ সুৰত সাগৰ ভাহি গ'ল
ঢৌ খেলি খেলি দূৰে দূৰে
মাৰ গ'ল পোহৰ বাট ।
নীৰব হ'ল সমুদ্ৰ নেপথ্য সংগীত
ৰল মাথো কোৱা আৰু শুনাৰ সময়
ৰল মাথো অসহায় নীল নিৰ্জনতা।