Type Here to Get Search Results !

এই মাহৰ অতিথি-চিত্ৰ আৰু ভাস্কর্য শিল্পী, চাও ৰুহিত বৰুৱা

 সাক্ষাৎকাৰ গ্ৰহণ- ভাস্কৰজ্যোতি মহন্ত


নমস্কাৰ,
  আপোনালোকৰ আশীষ শিৰত লৈ লগতে সকলোটিলৈ আন্তৰিকতাৰে এই অভাজনৰ পৰিচালনাৰে 'সমলয় দাপোণ' শিতানৰ দ্বিতীয় সংখ্যাটি আগবঢ়ালো। আজি এজন চিত্ৰ আৰু ভাস্কর্য শিল্পীৰ পৰিচয় আৰু মনৰ কিছু কথা পোনপটিয়াকৈ দিবলৈ প্ৰয়াস কৰিছো আশাকৰো সকলোৱে আদৰি ল'ব।
  আহকচোন শিল্পীজনে জনোৱা কথা খিনিৰ মাজলৈ যাওঁ……
১নং প্ৰশ্ন- আপোনাৰ পৰিচয়টো আজি 'সমলয় দাপোণ' শিতানত আগবঢ়ালে ভাল লাগিব।
উত্তৰ-মোৰ নাম চাও ৰুহিত বৰুৱা।ঘৰ ঐতিহাসিক শিৱসাগৰ জিলা নাজিৰা ১০ নং ৱাৰ্ডত।মোৰ ঘৰত দেউতা,মা,শ্ৰীমতী আৰু আমাৰ ঘৰখনৰ অতি মৰমৰ মিমন আছে, মানে মোৰ লৰাটো।দেউতাই পেশাগত এজন অ'এন জি চিৰ কৰ্মচাৰী আছিল।চাকৰি পৰা অৱসৰ লোৱা প্ৰায় ১৮ বছৰ মান হ'ল।মা এগৰাকী সু গৃহিনী।শ্ৰীমতী পেচাগত এগৰাকী নৃত্যশিল্পী,অভিনেত্ৰী।বৰ্তমান তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ শিৱসাগৰ জিলাৰ মহিলা মৰ্চাৰ সাধাৰণ সম্পাদিকা।ল'ৰা চতুৰ্থ শ্ৰেণীত অধ্যয়ন কৰে।এইখনেই হ'ল মোৰ এখন সৰু পৃথিৱী।দেউতাৰ ফালৰপৰা আমি তিনটি সন্তান, ককাদেউতা, বাইদেউ আৰু মই।বৰ্তমান মই চিত্ৰকলা,কবিতা,গল্প আৰু সামাজিক কামৰ সৈতে জড়িত।
২ নং প্ৰশ্ন- বিগত কিমান দিন এই কামত জড়িত হৈ আহিছে ?
উত্তৰ- বিগত ২০০৯ বৰ্ষৰ পৰা আজি ২০২৩ বৰ্ষ লৈকে চিত্ৰকলা শিক্ষাৰ প্ৰশিক্ষক হিচাবে জড়িত।
৩ নং প্ৰশ্ন- কিয় আৰু কেনেকৈ এই কামত জড়িত হৈছিল ?
উত্তৰ- মই সৰু পৰাই ছবি আঁকি ভাল পাওঁ আৰু পেলনীয়া বস্তুৱে যিকোনো বস্তু বনাই ভাল পাইছিলো।প্ৰকৃতিৰ প্ৰতি মোৰ সৰু পৰাই খুব মৰম আছে।প্ৰকৃতিৰ সৰু সৰু কিছুমান সম্পদক লৈ কিবা এটা বনোৱা সেই হেপাহ সৰু পৰাই।ছবিৰ প্ৰতি মোৰ আগ্ৰহ দেখি মোৰ ককাইদেউৱে মোক ছবি স্কুলত নাম লগাই দিছিল। সেই সময়ত মই দ্বিতীয় নে তৃতীয় শ্ৰেণীত পঢ়িছিলো।সেইয়া প্ৰায় ১৯৯২ চনৰ শেষৰ ফালে আছিল।১৯৯৯ চনত অৰ্থাৎ নৱম শ্ৰেণীত পঢ়ি থকা পৰাই চিত্ৰ কলা প্ৰশিক্ষক হিচাবে আজি পৰ্য্যন্ত প্ৰশিক্ষণ দি আছো।এজন ককায়েক হিচাপে মোৰ ককাইদেউৱে আৰম্ভণিতে মোৰ বাবে বহুত কষ্ট কৰিছিল।কিন্তুু চিত্ৰকলা জগত খনৰ পৰা এটা সময়ত সম্পূৰ্ণ বিছিন্ন হৈ পৰিছিলো।কিন্তুু এই জগত খনলৈ ঘূৰাই অনা গৰাকী হল মোৰ জীৱন লগৰী মোৰ মানুহ গৰাকী ৰেখা বৰুৱা।
৪ নং প্ৰশ্ন- আপোনাৰ কৰ্মৰাজীৰ চমু পৰিচয় এটি আগবঢ়াব।
উত্তৰ- ১২ মাৰ্চ ১৯৭৮ চনত গুৱাহাটী নবীন চন্দ্ৰ প্ৰেক্ষাগৃহত জন্ম লোৱা অৰাজনৈতিক সংগঠন অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ২০০২ চনত গড়গাঁও কলেজ পঢ়ি থাকোঁতে যোগদান কৰো।অসমীয়া বুলিলে আন্দোলন আৰু সংগ্ৰাম নকৰিলে নিজৰ অধিকাৰ নাপায়।অসম আৰু অসমীয়াৰ বাবে বিভিন্ন সমস্যাৰ হকে বহুত ঘাত প্ৰতিঘাতৰ মাজেৰে বহুত আন্দোলন কৰো।সেই বিলাক বৰ্ণনা কৰিলে লিখি শেষ নহ'ব। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নাজিৰা আঞ্চলিক সমিতিৰ সভাপতি হিচাপে শেষ বাৰ দায়িত্ব লৈ ২০০৯ চনত অব্যাহতি লও।দলে এৰি বিছৰা নাছিল।অব্যাহতি পত্ৰও গ্ৰহণ কৰা নাছিল।কিন্তুু সাংসাৰিক জীৱনৰ বাবে এৰিব লগীয়া পৰিল।কিন্তুু আজিও দলৰ বিভিন্ন অনুষ্ঠান,বিষয়ৰ সৈতে জড়িত। কিয়নো জাতীয়তাবাদী ভাৱধাৰা কেতিয়াও বিসৰ্জন দিব নোৱাৰি।জাতীয়তাবাদী মোৰ তেজে তেজে শীৰে শীৰে।জয় আই অসম।অসমৰ আগশাৰীৰ সংগঠন আৰণ্যকৰ সৈতেও জৰিয়তে প্ৰকৃতিৰ বিনন্দীয়া সেই সেউজ দিনবিলাক। আলফা চৰকাৰৰ মাজত আলোচনা বাবে ২৮ সংগঠন লগ হৈ গঠন হোৱা পি চি পি আইৰ সদস্য হিচাপে বহু কাৰ্য্যসূচীত অংশগ্ৰহণৰ কৰো।শিৱসাগৰ চেটেলাইট সংবাদ মাধ্যমৰ সাংবাদিক জগতত কিছু সময় কাম কৰি NE TV ত ৰাজদীপ বাইলুং ডাঙৰীয়াৰ সৈতেও কাম কৰা সৌভাগ্য লাভ কৰিছিলো।অভিনয় জগতত বাসন্তী,বালিঘৰ,মৰমী লগৰী বহু কেইখন ভিচিডি উপৰিও ডিব্ৰুগড় দূৰদৰ্শনৰ অনুষ্ঠান আৰু বহুত কেইটা গানত অভিনয় কৰা উপৰিও মৃদুলা বৰুৱা, চেতনা দাস আৰু অৰুন হাজৰিকা সৈতেও অভিনয় কৰা সৌভাগ্য লাভ কৰিছিলো।অৰুণাচলৰ ৰয়িংঙত আদি জনগোষ্ঠীৰ সৈতেও এখন চুটি ছবি অভিনয় কৰা সৌভাগ্যও লাভ কৰিছো।বিশ্বৰ আটাইতকৈ শক্তিশালী সংগঠন ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ শিৱসাগৰ জিলাৰ বিস্তাৰক প্ৰমুখৰ দৰে এক গধুৰ দায়িত্ব বহন কৰা সৌভাগ্যও এই জীৱনত পাইছো।বৰ্তমান নাজিৰা আঞ্চলিক সাহিত্য সভাৰ সাধাৰণ সম্পাদকৰ দায়িত্ব আৰু মই এজন চিত্ৰকলা প্ৰশিক্ষক। সপ্তাহৰ সাঁতোটাই দিন চিত্ৰকলা প্ৰশিক্ষণ দিয়াত ব্যস্ত।ৰাতিপুৱা ৰঙৰ সৈতে খেলা কৰি গধুলি ৰঙৰ সৈতে শেষ হয় মোৰ দিন।ৰঙৰ মাজত মোৰ জীৱন।মাজে সময়ে কবিতা,গল্প আৰু ফটো তুলি ভাল পাওঁ।বাটে পথে দুখীয়া আৰু বয়সস্থ ব্যক্তি পালে কিবা এটা খুৱাব পালে ভাল লাগে।তেওঁলোক যেন মোৰ পিতৃ-মাতৃ তুল্য। কণ কণ লৰা ছোৱালীৰ সৈতে দিন পাৰ কৰি দুখ কষ্ট কি এই সকলোবিলাক বিলাক পাহৰি যাওঁ।কেতিয়াবা এনে ভাব হয় মইয়ো যেন সৰু লৰা।বিভিন্ন অনুষ্ঠানৰ সৈতে বিভিন্ন কৰ্ম কৰিবলৈ পোৱাটো মোৰ বাবে সৌভাগ্য।জীৱনৰ অভিজ্ঞতাৰ পৰা কবলৈ গলে মোৰ প্ৰথম পৰিচয় অসমীয়া,সেই বাবে অসমীয়া হিচাপে অসমীয়াৰ বাবে মাত মাতি যাম।মই হলো নীলা আকাশত উৰি ফুৰা এটা স্বাধীন পখী।
৫ নং প্ৰশ্ন- এই কামৰ যোগেদি  আপুনি কিমান সুখী আৰু সমাজলৈ কি আগবঢ়াব বিচাৰে ?
উত্তৰ- মোৰ কামেই মোৰ বাবে অক্সিজেনৰ দৰে।যি দিনা এই কাম কৰিবলৈ এৰিম, সেই দিনা পৰা হয়টো মই মই হৈ নাথাকিম।মানে মোৰ সেয়া জীৱনৰ শেষ দিন হব।মই মোৰ সৰু পৃথিৱী খনক লৈ সুখী।মোৰ মাজত যিমান খিনি আছে সেই সকলো বিলাক উঠি অহা নৱ প্ৰজন্মক দি যাব বিচাৰো আৰু এনেকুৱা এখন পৃথিৱী গঢ়িব বিচাৰো যি খন পৃথিৱীত কেৱল মানুহে মানুহৰ হৈ জীয়াই থাকে।এখন মৰম চেনেহৰ পৃথিৱী।যত হিংসা, সন্ত্ৰাস নাথাকে।
৬ নং প্ৰশ্ন- সামাজিক দিশত সমাজে এই কামক কেনেকৈ আদৰি লৈছে ?
উত্তৰ- বৰ্তমান সমাজত চিত্ৰকলাৰ প্ৰতি দৃষ্টিভংগী যুগাত্মক।উঠি অহা প্ৰজন্মৰ বাবে এখন বিশাল সৃষ্টিৰ স্থল আছে।কিন্তুু কষ্ট অবিহনে একো সম্ভব নহয়।ধৈৰ্য্য,কষ্ট আৰু নিজৰ ওপৰত বিশ্বাস যি ৰাখিব সিয়েই পৃথিৱী জয় কৰিব।
৭ নং প্ৰশ্ন- আপোনাৰ এটি স্মৰণীয় স্মৃতি।
উত্তৰ- স্মৰণীয় মূহুৰ্ত বুলিলে তেনে বহুত আছে। যি কি নহওক এটা কৈছোঁ।সৰুতে মোৰ বায়ে মোক বহুত মৰম কৰিছিলে। স্কুল গলে মায়ে খাবলৈ দিয়া পইচা কেইটা নিজৰ বাবে খোৱা বস্তু নিকিনি মোৰ বাবে কিবাকিবি কিনি আনিছিল আৰু মোক ইমানেই কোচত লৈছিল যে বাৰ কুজ ওলাই গৈছিল।এই কথা কেতিয়াও পাহৰিব নোৱাৰো।
৮ নং প্ৰশ্ন- উঠি অহা চামলৈ আপোনাৰ এটা গঠনমূলক পৰামৰ্শ।
উত্তৰ- উঠি অহা প্ৰজন্মৰ বাবে এটা কথা কম সেইয়া হল যি তোমাক ভাল পাই তেওঁক তুমি ভালপোৱা সেইটো হয়।কিন্তুু যি তোমাৰ প্ৰতি ভাল পোৱা নাৰাখে বা ভাল নাপায় তেনে ব্যক্তিৰ অন্তৰ যদি জয় কৰিব পাৰা তেন্তে সেই দিনা পৃথিৱী তোমাৰ।