Type Here to Get Search Results !

অবিকল্প মোৰ সংকল্প

 প্ৰণৱৰঞ্জন শইকীয়া দহোটিয়া , যোৰহাট


এই যুদ্ধ অসমাপ্ত
সুসংহত অবিকল্প মোৰ লক্ষ্য
           সংগ্ৰাম সংগ্ৰাম অনিৰুদ্ধ
             দুৰ্বাৰ দুৰ্মদ অনন্ত দুৰন্ত জ্বলন্ত

মই চিৰ বিপ্লৱী চিৰ বিদ্ৰোহী
জলন্ত উদাত্ত কণ্ঠ মোৰ নহয় নহয় ৰুদ্ধ
                                    নহয় নহয় স্তব্ধ

মই অসমৰ ভূমিপুত্ৰ
শাশ্বত ভাস্বত মোৰ অস্তিত্ব
মোৰ তৰোৱাল শাণিত তৰোৱাল
তগ্ বগাই উঠে য'ত বীৰ শ্বহীদৰ বীৰ্য্য
চিৰ স্বাধীন অসমীয়াৰ বিপুল বীৰত্ব

যুঁজিছো যুঁজিছো যুঁজি যাম অবিৰাম
কৰিমেই প্ৰতিবাদ কৰিমেই সংঘৰ্ষ
                       সৰ্ব শত্ৰু কৰিমেই পৰাস্ত
বুকুৰ তেজেৰে আইৰ চৰণ ধুৱাই
শত্ৰুৰ তেজেৰে বোৱাম বোৱাম ব্ৰহ্মপুত্ৰ

জাতি ভাষা সংস্কৃতিৰ বাবেই মোৰ জন্ম
বিপ্লৱ বিদ্ৰোহেই মোৰ 
                  জীৱন্ত জাগ্ৰত অক্ষয় ছন্দ

এই অসম  
অসমীয়াৰ অসম
সুৰক্ষিত কৰিমেই অসমীয়াৰ অস্তিত্ব
দুৰ্জেয় দুৰ্মদ অবিকল্প মোৰ সংকল্প
                       অপ্ৰতিৰোধ্য অনিৰুদ্ধ

নেথাকিলে সৈনিক সতীৰ্থ
                       অকলেই কৰিম যুদ্ধ
নহওঁ ক্ষান্ত নহওঁ ক্লান্ত নহওঁ নহওঁ পৰাস্ত
সংকল্প সিদ্ধ লক্ষ্য মোৰ অবিকল্প