জীনামণি বৰগোহাঁই দুৱৰা
মইতো তোমাক দেৱতা বুলি ভাৱিছিলোঁ
কিন্তু তুমিতো মোক তোমাৰ চৰণতো ঠাই নিদিলা
অৱহেলিত কৰিলা মোক দেৱদাসীৰ দৰে।
এটা সময়ত তুমি মোকেই লৈ সপোন দেখিছিলা
ৰচিছিলা কিছুমান তেজাল কবিতা
আজি হয়তো মামৰে ধৰিছে
আমাৰ বিশ্বাস,মৰম আৰু প্ৰেমত।
মইতো নোৱাৰোঁ সহিব এই বিৰহ বেদনা
অন্তৰত শুকাই যোৱা অলেখ কামনা
মৃত্যুৱেই কিজানি কাষ চাপি আহিছে
ইয়াৰ কাষতে হয়তো অলপ শান্তি পাম।
হে মোৰ প্ৰাণৰ দেৱতা ,
তুমি মোক অৱহেলা কৰিলেও
মই মৃত্যুকো আকোঁৱালি ল'ব নোৱাৰোঁ।
মোৰ দুবাহুত বিচাৰোঁ মাথোঁ তোমাৰ প্ৰেমক
কিয় বাৰু মোক লৈ এনে অনুভৱ
মই যেন গতিৰোধ কৰিছোঁ তোমাৰ?
কিন্তু তুমিয়েইতো মোৰ জীৱনৰ একান্ত গতিপথ
অবিনাশী প্ৰেমিক আৰু নিৰন্তৰ যাত্ৰাৰ সংগী।