Type Here to Get Search Results !

উপন্যাস-ৱাটলং লিখক-অচ্যুত কৃষ্ণ কলিতা

 আলোকপাত-সুৰভি বৰ পাত্ৰ গোহাঁই


      লেখক অচ্যুত কৃষ্ণ কলিতাদেৱৰ সুন্দৰ উপন্যাস "ৱাটলং" পঢ়িলোঁ। উপন্যাস খন পঢ়ি দুশাৰীমান লিখাৰ মানসেৰে হাতত কলম তুলি লৈছোঁ। কাব্য সংকলন, গল্প সংকলন, উপন্যাস যি পুথিয়েই নহওক কিয়  পঢ়ি ভাল লাগিলে দুশাৰীমান লিখাটো অভ্যাসত পৰিণত হৈছে।  সমালোচনাত্মক দৃষ্টিভঙ্গীৰে নহয় কেৱল ইতিবাচক চিন্তাৰে উপন্যাস খন পঢ়ি কেনে লাগিল তাকে পাঠকৰ আগত দাঙি ধৰাৰ ক্ষুদ্ৰ প্ৰয়াস মাত্ৰ।
      "ৱাটলং " ৰ প্ৰকাশক নিটোল নেওগ, অসম বুক ষ্ট্ৰাষ্ট। প্ৰচ্ছদ অংকণ-ৰাকেশ গগৈ। অলংকৰণ-নিশান্ত নিবিৰ, লাচিত লেন, ৰাজগড় গুৱাহাটী। বেটুপাত গ্ৰাফিকচ-ইমেজ গ্ৰাফিক, গুৱাহাটী। মূল্যঃ- ২৮০টকা। মূদ্ৰণঃ-কালাৰপ্লাছ
এডভাৰটাইজিং এণ্ড পাব্লিছিং, ৰাজগড় গুৱাহাটী - ৩।
   লেখকে উপন্যাস খন তেখেতৰ পিতৃ আৰু মাতৃৰ কৰ কমলত উচৰ্গা কৰিছে।
    সাহিত্যৰ বিভিন্ন অংগৰ ভিতৰত মানৱ জীৱন পূৰ্ণভাৱে চিত্ৰিত কৰা সৰ্বোৎকৃষ্ট মাধ্যম হ'ল উপন্যাস। উপন্যাসৰ মাজেৰে মানৱ জীৱনৰ পূৰ্ণাংগ, সুস্থ আৰু বৈচিত্ৰপূৰ্ণ ৰূপৰেখা অংকণ কৰিব পাৰি।(সাহিত্য বিচাৰ)।
      উপন্যাস খনত কেইজনমান অন্তৰংগ বন্ধু লগলাগি ব্যৱসায় তাগিদাত পৰি নগাপাহাৰৰ বুকুত কয়লা খনন কৰিবলৈ যোৱাৰ কথাৰে উপন্যাসৰ আৰম্ভণি। সেই বন্ধু কেইজনৰ মাজৰে এজন উপন্যাস "ৱাটলং" ৰ লেখক। 
 নগাপাহাৰৰ বুকুত কটোৱা সময়খিনিত বিভিন্ন অভিজ্ঞতা আহৰণ কৰিছিল। এনে কিছুমান ঠাই আৰু এনে কিছু কাহিনী শুনি লিখকৰ মনত কৌতুহলৰ সৃষ্টি হৈছিল। "নাগিনীমৰা" সকলোৱে সচৰাচৰ শুনি থকা ঠাইখন লিখকে প্ৰত্যক্ষ কৰিছিল। সেই পাহাৰৰ বুকুতে "ৱাটলং" বিষাদগাঁথা তথা বিচ্ছেদৰ দূৰ্বিসহ যান্ত্ৰণা
সহিব নোৱাৰি "নাগিনীমৰা" ডুবিতেই বহি আহোম ৰজালৈ বাট চাই অৱশেষত তাতেই আত্মহত্যা কৰিছিল বুলি সেই পাহাৰৰ মানুহবোৰে তেওঁলোকক জানিবলৈ দিছিল। আনকি তেওঁ "ৱাটলং" ৰ সমাধিও প্ৰত্যক্ষ কৰিছিল। লেখকৰ অনুসন্ধিৎসু মনত বাৰে বাৰে প্ৰশ্নৰ উদয় হৈছিল, ৱাটলংক এৰি অহা ৰজাজনেই গদাপাণি নেকি? আৰু ৱাটলং ডালিমী
নেকি? যদি হয় তেন্তে ডালিমীক কিয় কাল্পনিক চৰিত্ৰ বুলি অংকিত কৰি আহিছে যুগে যুগে ?
   পলৰীয়া গদাপাণিক নগাপাহাৰৰ সহজ সৰল মানুহখিনিয়ে আকোঁৱালি লোৱাৰ বাবেই মহাসতী জয়মতীৰ মহান ত্যাগে
স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছিল। সেই বোৰ কথা "জয়াৰ স্মৃতি দিৱস" ত "জয়মতী" নাটকত তন্ন তন্নকৈ মঞ্চস্থ কৰি
দেখুৱায়। ৱাটলং ( ডালিমী) আৰু নগা পাহাৰৰ কিছু চৰিত্ৰ উপস্থাপন কৰে নাটকত। তাৰ পাছটো ৱাটলং কিয় কাল্পনিক চৰিত্ৰ। এই কথাই লেখকৰ মনত তোলপাৰ লগায়।
    কৰ্মৰ অন্বেষণত নগাপাহাৰত কয়লা খনন কৰিবলৈ গৈ বিভিন্ন মানুহৰ সংস্পৰ্শলৈ অহা, পাহাৰীয়া অৰ্থাৎ এটা
অচিন পৰিবেশত অচিন জীৱন। পুৱাৰপৰা গধূলিলৈ অৰ্থৰ তাড়নাত এটা জটিল পৰিবেশত অতিবাহিত জীৱন যাত্ৰা। অৱশ্যে পাহাৰীয়া মানুহৰ কোমল  অন্তৰে তেওঁলোকক (কয়লা খনন কৰিবলৈ লেখক আৰু তেওঁৰ বন্ধুবৰ্গক) 
আকৃষ্ট কৰিছিল। পাহাৰী কন্যাহঁতৰ মৰম আকলুৱা স্বভাৱে তেওঁলোকৰ প্ৰেমৰ জগতলৈ কেতিয়াবা লৈ গৈছিল। সেইয়া
মাৰ্জিত ভাষাৰেই প্ৰকাশ কৰিছে লেখকে। পাহাৰীয়া লোকৰ সহায়তে তেওঁলোকে লক্ষ্যত উপনীত হ'বলৈ অগ্ৰসৰ হ'ব পাৰিছিল। 
    কেৱল মনে বিচৰামতে সকলো কাম  সময়মতে হৈ উঠে সেইটো নহয়। এচাম লোকে তেওঁলোকক সহায়ৰ হাত আগবঢ়াইছিল যদিও অন্য এচাম লোকৰ বাবে কয়লা খনন কাৰ্যত জটিলতাৰ সৃষ্টি  হৈছিল। জীৱন সংগ্ৰামত ঘাত-প্ৰতিঘাতৰ  সন্মুখীন হ'বই লাগিব। সেইকথা উপন্যাস  খনত অতি সুন্দৰকৈ পৰিস্ফুট হৈ উঠিছে। 
পাহাৰীয়া মানুহক ভৈয়ামৰ পৰা মানুহ গৈয়ো যে হিংসা- দ্বেষৰ সৃষ্টিত অৰিহণা যোগায় সেইকথাও স্পষ্টভাৱে বিদ্যমান 
উপন্যাস খনত। 
     লেখকে কাহিনীভাগ ইমান সযতনে আগুৱাই নিছে যে এটা অধ্যায় পঢ়ি সিটো অধ্যায়ত কি আছে জানিবলৈ মনটো উদ্গীৱ হৈ পৰে। 
    পৰিবেশ বৰ্ণনাৰ ক্ষেত্ৰত লেখকৰ পাৰদৰ্শিতা, মন কৰিবলগীয়া। নগাপাহাৰৰ প্ৰাকৃতিক সৌন্দৰ্য্য, ওখ-চাপৰ পাহাৰৰ অপূৰ্ব বৰ্ণনাৰে কাহিনীভাগ আগুৱাই নিয়াত লেখকৰ হাতৰ কলমৰ নিপুণতা সচাঁকৈয়ে শলাগিবলগীয়া। 
     লেখকে ৱাটলংক  বিস্মৃতিৰ গৰ্ভত লীন যোৱাৰ দৰে আজিৰ ৱাটলংক লীন নিয়াব বিচৰা নাই। আহোমৰ ৰজাক নগাপাহাৰৰ আঁচলৰ মাজত লুকুৱাই ৰাখি জীৱন ৰক্ষা কৰিছিল ৱাটলঙে। ঠিক তেনেদৰে কয়লা খনন কৰিবলৈ যোৱা দলটোও শেষলৈ  বিপদৰ সন্মুখীন হৈছিল। তেতিয়া নগাপাহাৰৰ কিছুলোকৰ সহযোগত  জেফিচাই প্ৰাণ বচাই অসমলৈ পঠাইছিল। সেইবাবে উপন্যাসৰ সামৰণিত ৱাটলংক দোহাই  আজিৰ ৱাটলং (জেফিচাক)  জীৱন সংগীনী হিচাপে জীয়াই ৰাখিব বিচাৰিছে। এটা বিয়োগাত্নক কাহিনীৰ আৰম্ভণিৰে যোগাত্মক দিশেৰে সামৰণি মাৰিছে "ৱাটলং" ৰ কাহিনীভাগ। সেইয়া ইতিবাচক চিন্তাৰে আগবঢ়া লেখকৰ জীৱন দৰ্শন। 
   বহুত ভাল লাগিল "ৱাটলং" উপন্যাসখন হৃদয়ংগম কৰি। মোৰ ক্ষুদ্ৰ বিশ্লেষাত্মক অনুভৱে লেখকৰ অনুভৱৰ লগত একাত্ম হ'ব পাৰিছোঁ নাই নাজানো । শেষত  অজানিতে ৰৈ যোৱা ভুলৰ বাবে লেখকলৈ আৰু পাঠক সমাজলৈ ক্ষমা বিচাৰি ইমানতে সামৰণি মাৰিলোঁ ।