Type Here to Get Search Results !

ৰোজা (উপবাস)

 চৈয়দা চায়ৰা বেগম , নাজিৰা নগৰ


     ইছলাম ধৰ্মাৱলম্বী লোকসকলে প্ৰতি বছৰে ৰোজা পালন কৰি আহিছে ৷ইছলামিক বৰ্ষপঞ্জীকা অনুসৰি নৱম মাহত এই ৰোজা পালন কৰে ৷সম্পূৰ্ণ এমাহ এই ৰোজা পালন কৰে বাবে এই মাহক ৰমজান মাহ বুলিও কোৱা হয় ৷
    সূৰ্যোদয়ৰ প্ৰকমুহূৰ্তৰ পৰা সূৰ্যাস্তলৈকে সকলো প্ৰকাৰৰ পানাহাৰৰ পৰা বিৰত থকাকে ৰোজা বোলা হয় ৷ কেৱল মাত্ৰ খোৱাৰ পৰা বিৰত থাকাই
 নহয়,সকলোধৰণৰ ভোগ-বিলাস,বেয়া দৃষ্টি,খং-ৰাগ অৰ্থাত সকলো ৰীপুক বশ কৰি চলিব পাৰিলেহে ৰোজা শুদ্ধ হয় ৷ এইয়া এক আধ্যাত্মিক ব্যৱস্থা ৷ এই মাহত আল্লাহৰ উপাসনাত বেছিকৈ ব্যস্ত থাকে ৷
     প্ৰতিজন প্ৰাপ্তবয়স্কৰ মুছলিম পুৰুষ-মহিলাৰ বাবে ৰোজাৰখা বাধ্যতামূলক ৷অৱশ্যে যদি কোনোবা বিশেষভাৱে গুৰুতৰ ৰোগী অথবা গৰ্ভৱতী মহিলা,স্তনপান কৰোৱা মহিলা,ঋতুমতী ছোৱালী বা মহিলা এনে ক্ষেত্ৰত ৰোজা ৰাখাা পৰা বিৰত থাকিব লাগে ৷ পিছত তেওঁলোকে এই ক্ষতি হোৱা ৰোজা ৰাখিব লাগিব ৷
     ৰোজা ৰাখিবলৈ শেষনিশা পোহৰ হোৱাৰ আগতেই আহাৰ(চেহেৰী) খাই শেষ কৰিব লাগে আৰু সূৰ্যাস্তৰ লগে লগে (ইফটাৰ)মুখত ফল-মূল দি ৰোজা ভাঙিব লাগে ৷
     ৰোজাই মানুহক সংযমী হ’বলৈ,ৰীপু সমূহক দমন কৰিলৈ শিকাই ৷ স্বাস্থ্যৰ বাবেও এই উপবাস উপকাৰী ৷ এই ৰোজা মাহত দুখীয়া -দৰিদ্ৰক দান দিয়াৰ প্ৰথা আছে ৷আৰু দানৰ পৰিমাণ নিৰ্ধাৰণ কৰি দিয়া হয় ৷
এমাহ ৰোজাৰ অন্তত ঈদ পালন কৰা হয় ৷