মনস্বিনী শৰ্মা
সিদিনাখন নৈপাৰত ৰৈ
তেওঁ সুধিছিল, "প্ৰেম কি?"
উত্তৰত মই কৈছিলো,
বেয়াৰ পৰা ভাল
ভালৰ পৰা বেয়ালগা
দুখৰীয়া শব্দই প্ৰেম।
প্ৰেম হৃদয়ৰ সৰগত ফুলা পাৰিজাত
নতুবা কাঁইটৰ মাজত চুব নোৱৰাকৈ
ফুলি থকা এপাহি তেজৰঙী গোলাপ।
নতুবা হ'ব পাৰে মনৰ ভ্ৰম।
যেতিয়া বিশ্বাসঘাটকৰ প্ৰহাৰত
প্ৰেমে কান্দিব,
অবৈধৰ যন্ত্ৰণাত
প্ৰেমে অশ্লীল হৈ চিঞৰিব,
তেতিয়া ই হৈ পৰে সূত্ৰ ভুল হোৱা
এটা পাটিগণিতৰ জটিল অংক।
যিমানে চাবা,সিমানে দেখিবা
প্ৰেমৰ ভিন্নৰঙী সংজ্ঞা।
ৰোমিঅ'-জুলিয়েট নে জংকী-পানৈ,
নে ৰাধা-কৃষ্ণ,মমতাজ-শ্বাহজাহান?
আৰ্দশ লৈ প্ৰেম কিমান জিকে?
উদাহৰণ হৈ কিমান জিলিকে?
প্ৰেমৰ অমৃতপাণত
মৰিব খোজা মানুহ জী থাকে,
প্ৰেমৰ বিষপাণত
জী থাকিবলৈ বিচৰাজনো মৰি যায়।
যি বাটেৰে গ'লে উভতি অহা টান
যি বান্ধোনৰ ভৰষাতে প্ৰাণ
সেই দিশতে প্ৰেম জন্মে।
কিন্তু দিশ হেৰুৱালে
প্ৰেমে ভুল কৰে
প্ৰেমে পাপ কৰে।
পৰিমাণ নজনা,ব্যৱধান নোজোখা,
নিয়ম নমনা এই
অবুজন সাঁথৰটোৱেই প্ৰেম।
কিজানি,মোৰ উত্তৰত তেওঁৰ ঠিকনা নাপালে,
মোক একেঠাইতে থৈ
অহাৰ বাটেৰে তেওঁ কেতিয়াবাই উভতিল।
-------****------
স্নাতকোত্তৰ প্ৰথম ষাণ্মাসিক।
অৰ্থনীতি বিভাগ।
ডিব্ৰুগড় বিশ্ববিদ্যালয়।