Type Here to Get Search Results !

লিমাৰিক

 খগেন বৰা


(১)

গ্ৰন্থমেলাৰ বাকৰিত পাঠ কৰি আছো লিমাৰিক

ভাবিলো সভাত উপস্থিত সকলোৱে কাব্য ৰসিক ৷

সকলো নিটাল,নিস্তব্ধ

  চকু ফেচবুকত আবদ্ধ ,

পাহৰি পেলালো আমি যে ইংলিচ ভাষাৰহে প্ৰেমিক ৷৷

(২)

কভিডৰ সন্ত্ৰাসৰ পিছত আকৌ গ্ৰন্থমেলা আহিল

 বিখ্যাত গ্ৰন্থ বিপণি সমূহ আহি মেলাত বহিল ৷

এদিন দুদিন পাৰ হ’ল

জনসমাগম বাঢ়ি গ’ল ,

গ্ৰন্থ এৰি চেল্ফি তোলাৰ প্ৰতিযোগিতাতহে নামিল ৷৷

(৩)

দুবছৰৰ মূৰত উদুলিমুদুলি গ্ৰন্থমেলাৰ বাকৰি

গ্ৰন্থমেলাই সুদৃঢ় কৰিছে  সম্প্ৰীতিৰ এনাজৰী ৷

নন গ্ৰন্থৰ সুবাস বিয়পি পৰিছে

  গ্ৰন্থৰ বিক্ৰী দিনে দিনে  বাঢ়িছে ,

কঢ়িয়াই আনিছে অসমীয়া সাহিত্যলৈ আশাৰ বাতৰি ৷৷

(৪)

চাহিত্যিকৰ আগ্ৰাসনত সাহিত্যিক আজি নিমাত

ৰজাঘৰীয়াৰ আশীৰ্বাদ বিনে হ’ব নোৱাৰে বিখ্যাত ৷

  ড্ৰেচে-পাতিয়ে ৰমক জমক

  দিব পাৰে ভাষণত চমক ,

    অসমীয়া সাহিত্য ক্ষেত্ৰখন আজি চাহিত্যিকৰ কব্জাত ৷৷