লাৱণ্য নাথ, বঙাইগাঁও
সময়বোৰ গুচি গৈছে
গুচি গৈছে
বিজুলী বেগেৰে...
মগজুত হিটলাৰৰ
অমানৱীয়তাৰ ছবিখনে
বুকুলৈকে আগুৰি আছিল!
তথাপিও জীৱনক লৈ
মানুহৰ হেঁপাহৰ অন্ত নাই।
এনফ্ৰাংকৰ মুখখনিয়ে
বুকুৰ ভাঁজে ভাঁজে
দোলাদি গৈছে
কোনোবাই সুকোমল শেতেলীত শুই
স্বাধীনতাক বন্দী কৰে
দূৰ ভৱিষ্যতৰ
সপোন লেখি লেখি...
ভৱিষ্যতৰ সপোন দেখাৰ পৰতে
বিছিন্ন হোৱা দেহটোৰ পৰা
নেদেখোঁ তোমাৰ অস্ত্বিত্ব...
এতিয়া খবৰবোৰ
খবৰবোৰ যেন বিজুলী চমকৰ
দৰে হৈ পৰিছে ক্ৰমশ...