নিলোফাৰ ৰহমান
অব্যক্ত হৃদয়ৰ কথা বুজে কোনে!
মৌন ওঁঠৰ ভাষা শুনে কোনে!
পৰিপূৰ্ণ জীৱনে জানো পূৰ্ণতা পায়!
হাঁহি-কান্দোন,সুখ আৰু দুখৰ
সমাহাৰেই টো জীৱন।
জীৱনটোক লৈ কাহানিও
হতাশ ন'হবা,
জীৱন যুঁজত কাহানিও
পৰাজয় স্বীকাৰ নকৰিবা।
যদিও বুকুত জ্বলে হাজাৰ
বিষাদৰ দাবানল,
এমুকুৰা হাঁহিৰেই স্বাগতম জনোৱা
পুনৰ এটি ৰৌদ্ৰোয্যল পুৱাক।
জীৱনেও জানে সুখ আৰু দুখৰ
সম্পূৰ্ণ দস্তাবেজ।
কিয়নো বুজি পাই দিয়াচোন
হাজাৰজন ভোকাটোৰ, তৃষ্ণাটোৰৰ বাবে নয়নৰ মণি
সুহৃদয়ৰ গৰাকী কোন!
ৰৌদ্ৰস্নাতা পৃথিৱীৰ প্ৰজ্বলতাক
যিদৰে অনুধাৱন কৰিব পাৰি,
একেদৰেই তিমিৰাচন্ন নিৰ্জন নিশাৰ
হুমুনিয়াহকো খুওব ভালদৰেই বুজিব পাৰি।
তেনেহলে কিয়নো হোৱা হতাশাগ্ৰস্ত ?
মৃতপ্ৰায় মানুহখিনিৰ বাবে
তুমিয়েই দেখুন দেৱদূত।
তেনে কিয়নো হোৱা হতাশা ?
হাজাৰজন অভাৱগ্ৰস্তৰ
আৰ্শীবাদৰ হাতখন দেখুন
তোমাৰেই শিৰত।
নোহোৱা হতাশ
মনত লোৱা দৃঢ় বিশ্বাস
জীৱন যুঁজৰ ৰণাংগণৰ কৱচ
একমাত্ৰ নিজেই হোৱা,
জীৱন সংগ্ৰামৰ এজন
সফল সৈনিক হৈ।