Type Here to Get Search Results !

জীৱন আৰু জীৱন যাপনৰ সম্পৰ্কে চমু অৱলোকন

 ৰঞ্জিত চুতীয়া


                      জীৱন কি ? জীৱনে বিচাৰে কি ? এটা মাত্ৰ শব্দতেই যেন নিৰ্হিত হৈ আছে সমস্ত প্ৰশ্ন। জীৱন এক দুৰ্বোধ্য সাঁথৰ,এক পাৰাপাৰহীন ৰহস্য,ই এক অবিৰত যাত্ৰা। পোৱা-নোপোৱা,হাবিয়াস-আকাংক্ষা,তৃপ্তি-অতৃপ্তি সকলোবোৰ একত্ৰিত্ব কৰি এই পৃথীৱিখনত নিজক আগবঢ়াই লৈ যোৱাৰ আন এটা নাম হ'ল জীৱন। সকলোৱে বাবে জীৱন এক,ৰূপ ভিন্ন। কাৰোবাৰ বাবে দৰিদ্ৰতাই পিষ্ট কৰা এটি ৰুক্ষ শিলসদৃশ।
                       মানুহৰ জন্ম আৰু মৃত্যুৰ মাজৰ জীয়াই থকা কালছোৱাই হ'ল জীৱন। জন্মই জীৱনৰ আৰম্ভণি আৰু মৃত্যুৱেই জীৱনৰ পৰিসমাপ্তি। আন অৰ্থত জীৱন নিৰৱচ্ছিন্ন সময়ৰ এটি ক্ষুদ্ৰ কণিকা মাথোন। জীৱন মানেই সুখ-দুখ,পোৱা-নোপোৱা,আনন্দ-অশ্ৰুৰ সংমিশ্ৰণ।
                     সঁচাকৈয়ে মানুহৰ জীৱনটো আশ্চৰ্যজনক। জীৱনক বুজিবলৈ নানা ঋষি-মুনিসকলে গছৰ তলত অনাহাৰে-অনিদ্ৰাৰে তপস্যা কৰি জীৱন পাৰ কৰিছে। অথচ,পাইছে জানো জীৱনৰ অৰ্থ ? আচলতে জীৱনক এটা সংজ্ঞাৰে প্ৰকাশ কৰাটো কঠিন। জীৱনক কোনো এটা পৰিসীমাৰ মাজত আবদ্ধ কৰি ৰাখিব নোৱাৰি। জীৱনৰ অৰ্থ বিশাল - ই সাগৰতকৈ গভীৰ,আকাশতকৈ বিশাল। সেয়ে জীৱনক লৈ মানুহৰ অন্তহীন ঔৎসুক্য।
                    জীৱন মানেই বোঁৱতী নৈ……যি বৈ গৈ থাকে অবিৰাম। ই এক অন্তহীন প্ৰক্ৰিয়া। জীৱন নামৰ শলিতাডাল হঠাৎ কেতিয়া নুমাব কোনেও নাজানে। জীৱন থকালৈকেহে আমাৰ অস্তিত্ব। জীৱন শেষ মানেই মৃত্যু। খলিল জিব্ৰানে কৈছিল, "জীৱনটো গোলাপৰ শৰ্যা নহয়। জীৱন হ'ল জয়-পৰাজয়ৰ সমাহাৰ, ই হ'ল নাটঘৰ।"
                      জীৱন মানুহৰ প্ৰিয়তম ব্যক্তিগত সম্পদ। সেয়ে জীৱনটোক লৈ মানুহৰ হেঁপাহৰ অন্ত নাই। জীৱনৰ প্ৰতি আছে অপাৰ স্নেহ। হাজাৰ যন্ত্ৰণাৰ মাজতে মানুহে জীয়াই থকা মোহ সামৰিব নোৱাৰে। যি জীৱন আৰু মৃত্যুৰ দোমোজাত পৰিছে তেওঁহে বুজি পায় জীৱনৰ মোহ কিমান এৰাব নোৱাৰা মায়া। জীৱন খুবেই চুটি। মৃত্যুৱে আমাক বুজাই দিয়ে জীৱনৰ অৰ্থবহতা।
                      মানুহ ভেদে জীৱন সম্পৰ্কে ধাৰণা বেলেগ বেলেগ। কাৰোবাৰ মতে জীৱন কেৱল দুখ,যন্ত্ৰণা আৰু শূণ্যতাৰ সমষ্টি। আন কাৰোবাৰ মতে বুকুত অব্যক্ত বেদনা ঢাকি ৰাখি হাঁহি হাঁহি জীয়াই থকাটোৱেই জীৱন। জীৱনটো কেনেকৈ লোৱা যায় তাতহে জীৱনৰ অৰ্থ নিৰ্ভৰ কৰে।
                     সুখ-দুখ,পোৱা-নোপোৱা,হাঁহি-কান্দোন আদি মাজেদি প্ৰতিজন মানুহে জীৱন পথত বাট বোলে। দুখ-যন্ত্ৰণা,বিষাদক সফলতাৰ জখলা হিচাপে লোৱাটোহে আচল কথা। পৃথিৱীত যিসকল লোকে সাফল্যৰ উচ্চ শিখৰত আৰোহণ কৰিছে তেওঁলোকৰ ব্যক্তিগত জীৱনটোলে চালে এটা কথা প্ৰকত হৈ উঠে যে তেওঁলোকে বহুত ঘাত-প্ৰতিঘাত পাৰ হৈহে সফলতাৰ মুখ দেখিছে। এইখিনিতে উল্লেখ কৰিব পাৰি উইলিয়াম জেমছৰ এষাৰ কথা - "জীৱনলৈ ভয় নকৰিবা,বিশ্বাস কৰিবা জীৱনটো মহামূল্যবান আৰু তোমাৰ বিশ্বাসে জীৱনৰ ঘাত-প্ৰতিঘাত নেওচি আগবাঢ়ি যোৱাত সহায় কৰিব।" বিখ্যাত লেখক-লেখিকাসকলৰ জীৱন পৰিক্ৰমা চকু ফুৰালে দেখা যায় যে তেওঁলোকৰ জীৱনৰ বাট মসৃণ নাছিল। বহু ঘাত-প্ৰতিঘাত অতিক্ৰমিহে জীৱনৰ লক্ষ্য স্থানত উপনীত হৈছিল। তেওঁলোকে কাঁইটৰ ওপৰেদি বাট বুলি সমাজলৈ থৈ গৈছে অমূল্য সম্পদ।
                    সুখ-দুখ,জয়-পৰাজয় এই বান্ধোনেৰে গঢ়া মানৱ জীৱন। যদিহে দুখৰ সন্মুখীন কোনো দিনেই নহওঁ,তেতিয়া হয়তো সুখৰ প্ৰকৃত মাদকতা উপভোগৰ পৰা আমি কিঞ্চিত বিফল হ'ম। পোৱা-নোপোৱাৰ হিচাপত আমি ব্যস্ত নাথাকি আমাৰ সৎ কৰ্মৰে জীৱন পথত বাট বুলিলেহে আকাংক্ষিত লক্ষ্যত উপনীত হ'ব পাৰিম। সেই বাবেই হয়তো কোৱা হয় - "কৰ্মই প্ৰকৃত ধৰ্ম।" কৰণীয় কৰি আমি জীৱন পথত আগবাঢ়ি যাব লাগিব।
                      দুখ-কষ্ট,যন্ত্ৰণাই মানুহৰ বোধ শক্তি বৃদ্ধি কৰে। যন্ত্ৰণাই দিয়ে অলেখ অভিজ্ঞতা। যন্ত্ৰণাবোধে মানুহৰ জীৱনবোধ গভীৰ কৰে। প্ৰকৃতাৰ্থত জীৱনত পোৱা তিক্ত তথা যন্ত্ৰণাকাতৰ মুহুূৰ্তইহে মানুহ এজনক দিব পাৰে সত্যৰ সন্ধান। আমাৰ জীৱনত সকলোবোৰ পৰিস্থিতিতেই সন্ধিক্ষণ আহে। নীলকন্ঠই যেনেকৈ সমস্ত জগত ৰক্ষাৰ্থে বিহ পান কৰিছিল,ঠিক তেনেকৈ প্ৰত্যেক ব্যক্তিৰেই জীৱনলৈ অহা বিপৰ্যয়সমূহ পান কৰি নিজৰ জীৱনটোক চালিত কৰি নিব পাৰিব লাগিব।
                       প্ৰাপ্তি আনন্দই মানুহক যেনেকৈ মতলীয়া কৰে,ঠিক তেনেকৈ অপ্ৰাপ্তিৰ বেদনায়ো মানুহৰ জীৱন সুন্দৰ কৰিব পাৰে। যাৰ থাকে এটি সৃজনশীল মন। অপ্ৰাপ্তি বেদনাক বুকুত সাৱটি কোনোৱে হাতত তুলি লয় কলম,কোনোৱে ৰং-তুলিকা। যাৰ ফলত সৃষ্টি হয় একো একোজন সফল ব্যক্তি।
                       জীৱনত যিকোনো কামতেই সফল হ'বলৈ মানুহক সাধনাৰ নিতান্তই প্ৰয়োজন। সাধনা কেতিয়াও সহজ আৰু সুলভ নহয়।লেখক,গায়ক,চিত্ৰশিল্পী,খেলুৱৈ,অভিনেতা আদি হ'বলৈ সাধনা একান্তই প্ৰয়োজন। সফলতা লাভত যেনেকৈ সাধনাৰ প্ৰয়োজন আছে,সেইদৰে সপোনৰো প্ৰয়োজন আছে। সপোনে মানুহৰ ভিতৰত সুপ্ত হৈ থকা শক্তিক জাগ্ৰত কৰি তোলে। এ পি জে আব্দুল কালামৰ ভাষাত ---
       "Dream, Dream and dream
        Dream transforms to thought
        And thoughts result in action."
                       মানুহৰ জীৱনৰ লক্ষ্য যিয়েই নহওক সেই লক্ষ্যত উপনীত হ'বলৈ বিশেষ মানসিক শক্তিৰ প্ৰয়োজন। মানুহে জীৱন পথত আগুৱাই যায় আৰু এটা সঠিক সিদ্ধান্তই আমাৰ জীৱনৰ একোটা একোটা পথ আলোকিত কৰি আমাক আগুৱাই যোৱাত সহায় কৰে।
                     জীৱনক আমি সকলোৱে ভাল পাওঁ। সেয়ে আমি আশাবাদী।আশাই জীৱনলৈ সজীৱতা আনে। হেনৰী মিলাৰে কৈছিল, - "জীৱনে আমাক নিৰৱচ্ছিন্ন ভাৱে নতুন আশা,নতুন চিন্তা আৰু ধ্যান-ধাৰণা দি থাকে।" ইচ্ছা,আকাংক্ষা -- এইবোৰে মানুহক জীয়াই থকাৰ প্ৰেৰণা প্ৰদান কৰে। কিন্তু বহু মানুহে এনেবোৰ কথা বুজি নোপোৱাত সময়ে সময়ে হতাশ আৰু নিৰাশাত ভাগি পৰে। আনকি কিছু লোকে আত্মহত্যা পৰ্যন্ত কৰে।
                      মানুহৰ জীৱনত সমস্যা আহিবই। কিন্তু সেই সমস্যা অতিক্ৰম কৰি জীৱন যুদ্ধত জয়ী হ'ব পৰাটোহে জীৱনৰ প্ৰকৃত শিল্প। আচলতে অবিৰাম সংগ্ৰাম কৰি সফলতাৰ শেষ হাঁহি মৰাতেই হয়তো লুকাই আছে জীৱনৰ মাদকতা।
                    জীৱন চিৰস্থায়ী নহয়। জীৱন এদিন পৃথিৱীৰ পৰা হেৰাই যায়।জীৱনে কাৰোবাবেই ৰৈ নাথাকে,সি তাৰ নিজৰ গতিৰে আগুৱাই যায়। সেয়ে জীৱনটোক সুন্দৰ ভাবে যাপন কৰাটো এটা কলা। ছোৰেণ কিয়েৰ্কগাৰ্ডে কৈছিল, "জীৱনটো কি বস্তু,সেই কথা বুজিবলৈ হ'লে আমি পিছলৈ ঘূৰি চাব লাগিব। কিন্তু জীৱনটো যাপন কৰিবলৈ হ'লে আমি চাব লাগিব সন্মুখলৈ।" সেইদৰে বেইলীয়ে কৈছিল, "আমি দীঘলীয়া জীৱন যাপন কৰোঁ সেইটো ডাঙৰ কথা নহয়, কেনেকৈ জীৱন যাপন কৰোঁ সেইটোহে ডাঙৰ কথা।" কেৱল খাই বৈ আমৃত্যু জীয়াই থকাটোৱেই জীৱন নহয়। সুস্থ চিন্তা আৰু সৎ কৰ্মৰ মাজেৰে সকলোৱে লগত সহাৱস্থান কৰি আনৰ কাৰণেও অকণমান চিন্তা,সহায়ৰ হাত আগবঢ়াই দৈনন্দিন জীৱনৰ মাজে মাজে,কৰ্ম ব্যস্ততাৰ ফাঁকে ফাঁকে আত্ম সন্তুষ্টি লাভ কৰাটোৱেই হ'ল জীৱন যাপন।