তুলিকা বৈশ্য দাস সোণাপুৰ , গুৱাহাটী
অ' তৰা,ৰুবী,জুপী আৰু জুমী
আহিবা চোন এদিন একেলগে মিলি
পাৰ কৰিম সময় অলপ স্মৃতি সুৱৰি
শুৱনি আমাৰ গাওঁখনিত
পুণৰ কৰিম ধেমালি ।
মাঘৰ বিহুত মেজি জ্বলাই আহোঁতে যে
চুপি চুপি মাৰ্বল গুটি খেলিছিলোঁ
পিছৰপৰা মায়ে দিয়া চিকনিৰ কোব খাইছিলোঁ
আয়ে আয়তীয়ে মিলি পথাৰত গোৱা
হৰিনামত ভাগ লৈ প্ৰসাদো যে খাইছিলোঁ
আহিবা চোন এতিয়া আকৌ একেলগে
পাটিটি-পাটিটি খেলিবলৈ
ৰেডি খেলা লগবোৰ বিচাৰিবলৈ
বিলৰ পাৰৰ বগৰীজোপাৰ তলত বহি জিৰণি লবলৈ
নৈৰ পাৰৰ নাওত বহি মকুৱা ফুল চিঙিম গৈ
বুজিছা নে বহুত সলনি হৈ গ'ল এতিয়া
পানীৰে উপচি থকা ঠাইত
ঘৰৰ ওপৰত ঘৰ ভৰি পৰিল
চাৰি চকীয়া বাহন সৰবৰাহ হ'ল
আলিবাটত থকা বোকাবোৰ
জপিয়াবলৈ নোপোৱা আৰু এতিয়া
খেৰী ঘৰ নোহোৱাই হ'ল
গাঁওখনিত নতুন নতুন শিশুৰ জন্ম হ'ল
আমাক উপদেশ দিয়া মুখীয়াল বহুজনৰ মৃত্যুও হ'ল
আলিবাটৰ কাষত বহি মৌখিক ধৰা
ককাজনকো পাবলৈ নাই আৰু এতিয়া
আমি সপোন ৰচা গাওঁখনিৰ নতুন ৰূপ চাবলৈ
তুমি ময়ো মাতৃৰূপলৈ ৰূপান্তৰ এতিয়া
অ' তৰা, ৰুবী পাৰিম নে বাৰু এতিয়া
আহিবা চোন চাবলৈ
পদুলি মুখৰ হৰকালাত ধৰি ওলমিবলৈ°°°
আহিবাচোন আহিবা মিলি-জুলি
শুৱনি আমাৰ গাওঁখনিত
পুণৰ কৰিম ধেমালি°°°