গীতাঞ্জলি দেৱী
জাঁজৰিয়েহে জানে কিমান গভীৰতালৈ নৈয়ে দুহাত উজায়,
ইকুলে-সিকুলে নেদেখা হোৱালৈ
জাঁজৰিয়ে দুখবোৰ নিজলৈ চপায় ।
পানীপিয়া চৰাইজনীৰো একেই কথা, আকাশ ভৰুণ হ'লেহে নৈয়ে নিজত জুৰাই লয় ,
সুঁতিত সুঁতি এৰি ঢাপলি মেলে সীমাৰ পৰা অসীমলৈ ।
এতিয়া কঙাল নৈখনে এপৰ জিৰাই কথাবোৰ পাগুলে
এনেকৈয়ে দিন যায়, ৰাতি যায়
কাকো ক'ব নোৱাৰে , কোনেও নুশুনে ।
নীলাফিচাৰ মাছজনীয়ে শিলৰ বুকু চুমি চাই ৰয় পলাশৰ শীৰ্ণ দুহাতৰ তুলিকা ,
তাইও জানে ফাগুনেও শুনাব পাৰে এজাক বৰষুণৰ জীপাল মালিতা ।