Type Here to Get Search Results !

বিশ্বাসঘাটকতা (গল্প)

 প্ৰগতি গগৈ চাংমাই ,নাজিৰা


তাইৰ আটাইতকৈ প্ৰিয় বান্ধৱী জনীৰ অনামিকা আঙুলিত সোণৰ  আঙুঠিটো দেখি তাইৰ মনটোত শোক এটা উজাই আহিল। এইটোতো ৰূপাংকই তাইৰ বাবে বনোৱা আঙুঠিটো। হয় , তাইৰ স্পষ্টকৈ মনত আছে। তাই নিজৰ পছন্দমতে সোণাৰীৰ তাত বনাবলৈ দি থৈ আহিছিল। তেন্তে?....
তাইৰ মগজুত বহু চিন্তাই খেলা কৰি গ'ল। এয়া সম্ভৱনে? এয়া সপোন নে দিঠক? মানুহ ইমান পৰিৱৰ্তন হ'ব পাৰেনে? 
তাইৰ প্ৰশ্নৰ উত্তৰ কেৱল ৰূপাংকই হে দিব পাৰিব।
তাই ঢপলিয়াই গ'ল ....
             তাই মানে লিজা। লিজা বৰুৱা। বৰ্তমান বি.এ. চতুৰ্থ ছেমিষ্টাৰ। দেউতাকে মিলিটেৰীত চাকৰি কৰে। মাক গৃহিণী আৰু একমাত্ৰ ভায়েকটো। সিহঁতৰ পৰিয়াল সিমানেই। আইতাক-ককাক ঢুকোৱা কেইবাবছৰো হ'ল। একমাত্ৰ পেহীয়েকজনীকো বিবাহৰ উপযুক্ত হোৱাত বিয়া দিলে। ভায়েক এইবাৰ উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বাৰ্ষিকৰ ছাত্র। দুয়োটা সন্তানক লৈ মাক-দেউতাকে গৌৰৱ কৰিব পাৰে। নম্ৰ, ভদ্ৰ লিজা আৰু ভায়েক সমীৰক গাঁৱৰ সকলোৱে মৰম কৰে। 
               লিজাৰ লগৰ মৃণালী, ৰশ্মি আৰু স্বপ্নালী। আটাইকেইজনীয়েই খুব শান্ত আৰু পঢ়া-শুনাটো আগবঢ়া‌ । এদিনো লগ নেৰে এজনীয়েও। কলেজৰ অফ পিৰিয়দত আটাইকেইজনীয়ে একেটা ছাতিৰ তলত সোমাই দোকানলৈ যায়। ৰ'দ পৰিলেও পৰক গাত। দোকানৰ পৰা আহি কলেজৰ ঘাঁহনিত বহি সিহঁতৰ আড্ডা। সিহঁতৰ আড্ডাত  কেতিয়াবা ৰবাব টেঙা, কেতিয়াবা জলফাইৰ স্থান। 
               লগৰে মন মাৰি বহি থকা পল্লৱক মাতিবলৈ সিহঁতে বাজি লগায়। কোনে তাক মাতিব পাৰে আৰু পৰিচয় ল'ব পাৰে। অনবৰতে হাঁহি সকলোকে হঁহুৱাই ভালপোৱা লিজাই এই বাজি খেলিবলৈ ৰাজি হ'ল। লিজাই গৈ পল্লৱক মাতি চিনাকি হ'ল। লগতে আটাইকেইজনীয়েই সুবিধাটো ল'লে। বাজিৰ পুৰস্কাৰ আটাইকেইজনীয়ে নিজে দি পঞ্চাশ টকা ভগাই খালে। মন মাৰি থকা পল্লৱ লাহে লাহে হাঁহিমুখীয়া হ'ল। পঢ়াত চোকা আৰু ঢোল বাদনতো তাক কোনেও চেৰ পেলাব নোৱাৰে। এনেকুৱাই লিজা। আনৰ দুখ বুজিপোৱা, সকলোৰে লগত সমিলমিলেৰে থকা লিজা। 
               সেইজনী লিজাৰে আজি দুখ। তাইৰ লগতে সদায় ছাঁৰ দৰে লাগি থকা তাইৰ বান্ধৱী স্বপ্নালীৰ হাতত তাইৰ (লিজাৰ) প্ৰেমিকৰ মৰমৰ চিন। কেনেকৈ কি হ'ল ধৰিবই নোৱাৰিলে। তাইৰ প্ৰেমিক আৰু বান্ধৱী লগ হৈ তাইক বেয়াকৈ ঠগিলে। বিশ্বাসঘাটকতা কৰিলে। তাইক তাৰ উত্তৰ লাগে।
                তাই ৰূপাংকৰ ওচৰলৈ গ'ল। 
                "মোক ক্ষমা কৰা লিজা। মোৰ ভুল হ'ল।"
                "আপোনাক মই কেনেকৈ ক্ষমা কৰিম? কিয় কৰিলে মোৰ লগত এনেকুৱা? মোৰ কি দোষ আছিল? আপোনাক প্ৰাণভৰি ভালপোৱাটো? নিজতকৈও ভালপাওঁ আপোনাক। আৰু আপুনি?''
                "লিজা প্লিজ, বুজাচোন কথাবোৰ।"
                "মোৰ ঘৰৰ পৰা স্বপ্নালীৰ লগত বিয়া ঠিক কৰিছে। মই মানা কৰিব নোৱাৰিলোঁ। কাৰণ মা হাৰ্টৰ ৰোগী। "
                "আৰু মই? মোৰ কি হ'ব? এবাৰ ভাবি চালেনে আপোনাৰ অবিহনে মোৰ কি হ'ব?''
                " লিজা, অবুজন নহ'বা। মই তোমাক আজি কথাবোৰ কম বুলিয়েই ভাবিছিলোঁ। "
                "কম বুলি ভাবিছিলো.... কোৱাটো নাছিল ন? স্বপ্নালীয়েও মোক কোৱা নাই একো। কিয় কৰিলে মোৰ লগত এনেকুৱা?"
                "লিজা, কথাবোৰ বুজাচোন। স্বপ্নালীয়েও মাক-দেউতাকৰ বাধ্যত পৰিহে ...."
                "ৱাহ্ । মানিলোঁ আপোনাক। মোৰ বাবে সকলো কৰিব পাৰিম বুলি কয়। লাগিলে জীওটোও দিম কয়। আৰু এতিয়া....?''
                " মই কিবা এটা কৰিম ৰবা। লিজা, ধৈৰ্য ধৰা।"
                "কি কৰিব আপুনি? হৈ যোৱা কথাবোৰ নোহোৱা কৰিব?''
                " মাহঁতৰ লগত কথা পাতিম।"
                " এতিয়া বহু পলম হ'ল। নালাগে। থাকিম দিয়ক এনেকৈয়ে। মোৰ মনৰ পৰা মচি পেলালোঁ আপোনাক আজিৰপৰা। মোক বিচাৰি নাযাব। আমাৰ সম্পৰ্ক ইমানলৈকে আছিল। আজি শেষ হ'ল। আপোনালোক সুখী হওক।"
                "লিজা.... লিজা শুনাচোন।"
                লিজা আৰু নৰ'ল। কি বুলি ৰ'ব‌। আপোনজনৰ পৰা পোৱা দুখ সহ্য কৰিবলৈ বৰ কষ্টকৰ। তাই মুখেৰে ৰূপাংকক মনৰপৰা মচি পেলাম বুলি ক'লে যদিও পাৰিব জানো তাই স্মৃতিবোৰ পাহৰিব? পাৰিব জানো ৰূপাংকৰ লগত কটোৱা সময়ক পাহৰিব?
                জীৱনে মানুহক ক'ৰপৰা ক'লৈ লৈ যায়! বিচৰাবোৰ সহজতে জানো পোৱা যায়? বিচৰা বস্তুটো হাতত পালেই নোপোৱাৰ অনুভৱ জানো বুজিব পাৰি? গতিশীল সময়ে বাৰুকৈয়ে প্ৰতাৰণা কৰে কেতিয়াবা। দি যায় দুখৰ উপৰি দুখ। সুখৰ পৰিধি চুব খুজিও থমকি ৰ'বলগা হয়। নিজকে সময়ৰ হাতত এৰি দিলে লিজাই। সময়ে যি দিয়ে তাকে সাৱটিব। তাই পঢ়া-শুনাত নিজকে মগ্ন কৰিলে। 
                সময়ত চূড়ান্ত ছেমিষ্টাৰৰ ফলাফল ওলাল। আশা কৰাতকৈ বহুত বেছি ভাল ৰিজাল্ট লিজাৰ। তথাপি কিয় জানো তাইৰ সকলো ফালে ৰিক্ত অনুভৱ কৰে। যিমান আনন্দ পাব লাগিছিল সেয়া যেন তাইৰ নাই। মনৰ উছাহখিনি ক'ৰবাত হেৰাই থাকিল....! সদায় হাঁহি থকা ছোৱালীজনীৰ মুখৰ হাঁহিটো নোহোৱা হ'ল। যেন ঢাকি ধৰিছে পূৰ্ণিমাৰ জোনটিক এচমকা ডাৱৰে।