প্ৰগতি গগৈ চাংমাই
কলেজৰ গেৰেজৰ পৰা চাইকেলখন উলিয়াবলৈ লওঁতেই তাইৰ চাদৰৰ আগটো কেনেকৈ জানো চকাত সোমাই পৰিল? লুটিখাই পৰিবই লৈছিল তাই৷ সি আহি নধৰা হ'লে তাই পৰি দুখেই পালে হয়! লগতে লাজো। কথমপি তাই পৰাৰ পৰা বাচিল৷
_"দুখ পালা নেকি ?"
_"নাই!"
_মই অসীম, তোমাৰ চিনিয়ৰ৷ ভূগোল বিভাগ৷
_মোৰ নাম আৰাধ্যা৷ স্নাতক প্ৰথম বাৰ্ষিকৰ ছাত্ৰী৷
_পাছত লগ পাম৷
কৈয়েই গুচি গৈছিল সি৷ কিন্ত গুচি যাওঁতে ছটিয়াই গ'ল আৰাধ্যাৰ দেহ-মনত প্ৰেমৰ ফাকু৷ প্ৰথম দেখাতেই তাক ভাল লাগি গ'ল৷ অমায়িক চেহেৰাৰ ল'ৰাটো সহজ-সৰল৷
প্ৰায়েই তাক তাই কলেজৰ লাইব্ৰেৰীত লগ পোৱা হ'ল৷ দুই-এষাৰ কথা পাতে পঢ়াৰ বিষয়ে৷ বেলেগ কথা পতাৰ সুবিধাই বা ক'ত? লাইব্ৰেৰীৰ জাননী বোৰ্ডখনে সোঁৱৰাই থাকে "keep silence".
এনেকৈয়ে দিন গৈ আছে। প্ৰথম ষান্মাষিকৰ পৰীক্ষা ও হৈ গ'ল। তাই ভবাৰ ধৰণেই ভাল হৈছে পৰীক্ষা।
এদিন হঠাতে অফ পিৰিয়ডত লগ পাই সি ক'লে- কেন্টিনলৈ যাবা এতিয়া?
তাই মূৰ জোকাৰি শলাগ ল'লে৷
_"কি খাবা?"
_"যিকোনো"
_"তোমাক এটা কথা কোৱা হোৱা নাই৷
_"কি কথা?"
_"মোৰ মনৰ কথা! মোৰ অনুভৱৰ পৃথিৱীখনৰ কথা…হেঁপাহবোৰৰ কথা"
_ক'ব পাৰে মোক
-কথাবোৰ ক'ৰপৰা আৰম্ভ কৰোঁ ভাবিছোঁ!
--কওক।
_তোমাক দেখাৰ দিনৰ পৰা আন একো ভাল নলগা হ'ল জানা৷ আৰা মই তোমাৰ প্ৰেমত পৰিছোঁ৷ তোমাক লৈ সপোন দেখিছোঁ৷ প্ৰতিপল তোমাক মনৰ মাজত লৈ ফুৰিছোঁ। মই তোমাক ভালপাওঁ৷ আশাকৰোঁ তুমি মোক নিৰাশ নকৰা।
আৰাধ্যাই কি ক'ব? আৱেগতে তাইৰ চকুলো ওলাল৷ ইমানদিনে তাই যিটো কথা শুনিবলৈ ৰৈ আছে সেই কথাষাৰ…সি চোন কৈ দিলে৷ নিজৰ কাণখনকে বিশ্বাস কৰিবলৈ টান পালে তাই৷ স্ফূৰ্তিতে যেন তাই চিঞৰি দিব এনে অনুভৱ হ'ল।
_"ময়ো আপোনাক সিদিনা দেখাৰপৰাই ভালপাই পেলালোঁ৷ মাথোঁ ক'ব পৰা নাছিলোঁ"
অসীমৰ দুচকু উজলি উঠিছিল৷ তাৰ মনত এটি অনুভৱে পোখাইছিল---
সৰগৰ পাৰিজাত নালাগে
তোমাৰ পলসুৱা হৃদয়খন পালে
নৈ:শব্দ ভেদি যেতিয়া শুনিম
তোমাৰ আকূতিক,
চেনেহৰ দোলত উজুটি খাই
মই তোমাৰ হৈ ৰ'ম
নিবিচাৰোঁ মই আকাশৰ জোন
মৰতৰ সোণেই ভাল
ভৰি ৰব আজীৱন দ্যুতি।
হেঁপাহৰ বাঁহী এটি হৈ
বাজি থাকা মোৰ বুকুত
ৰিণি ৰিণি
সেউজীয়াৰ পৰিচায়ক হৈ,
তোমাৰ মৌন ওঁঠত
সপোনৰ মাদকতা।
হাঁহি এটি বিৰিঙে
মোৰ দুওঁঠত
উশাহঘন আবেলি এটাত
থৰকাছুটি হেৰুৱাই
মৰমৰ আঁতডালত আউল লাগে
বাৰে বাৰে।
লাজত ৰাঙলী দুগাল
আবিৰৰ ৰহণে ধুৱাই নিয়া
এবুকু অনুভৱত বুৰ যোৱা
আস্! এয়াই হয়তো ভালপোৱা।