Type Here to Get Search Results !

বাটৰুৱা

 সবিতা বৰুৱা ফুকন


     আবেলি বেলিটোৰ শেষৰ ৰশ্মিখিনি চটিয়না গছজোপাৰ ডালৰ ফাকেৰে হৰকি আহি সোণালী কিৰণৰ দৰে অধিক উজ্বল হৈ দিবাকৰৰ গাত আৱৰি ধৰিলে। কিমান সময় সি চটিয়না গছজোপাৰ তলতে ৰৈ আছিল পাহৰি গ'ল ।অলপ পাছতেই আন্ধাৰ হ'ব । আজি বাৰু সি কাৰ ঘৰত আশ্ৰয় বিচাৰি যাব  !বেলিটোলৈ চাই সি যেন কাকূতিহে কৰিলে ,আন্ধাৰ নহ'বলৈ । আজি তিনি মাহ দিন সি কেনেকৈ যে সময়বোৰ পাৰ কৰিছে  ।
     হঠাৎ দিনবোৰ কেনেকৈ সলনি হৈগ'ল ! কিয় বাৰু ইমান স্নেহৰ মাজত সি জন্ম হৈছিল  ।তাতকৈ ফুটপাঠৰ আৱৰ্জনাতেই যদি তাৰ জীৱনৰ প্ৰথম ঘৰ হ'লহেতেন তেতিয়া হয়তো ইমান কষ্ট নহ'ল হেঁতেন ।মাকলৈ মনত পৰি তাৰ দুচকুৱে দুধাৰি তপত চকুলো বৈ আহিল । ইমান বিপদতো ভাগি নপৰা মাকজনীয়ে কিয় বাৰু তাক অকলে এৰি থৈ নিজৰ শুৱনি কোঠাৰ ফেনখনৰ ওপৰত নিথৰ দেহটো ওলমাই ৰাখিলে ? এতিয়া সি কি সাহসত ঘৰটোৰ ভিতৰত থাকিব  ? সেই কথা তেওঁ কিয় বাৰু এবাৰু নাভাৱিলে  ?
     ঘৰখনৰ একেবাৰে নুমলীয়া পুত্ৰ আছিল দিবাকৰ ।তাৰ ওপৰত তিনিজনী বায়েক ।দিবাকৰ জন্ম হোৱা তিনি বছৰৰ পাছতেই এটা বাছ দুৰ্ঘটনাত দেউতাকৰ মৃত্যু হৈছিল । তিনিজনী ছোৱালী আৰু এটা পুত্ৰ সন্তানক মাকে
অশেষ কষ্টৰ মাজেৰে পঢ়াই শুনাই ডাঙৰ কৰিলে । তিনিওজনী বায়েকৰ বিয়াৰ পাছত মাক আৰু দিবাকৰে একেলগে দিনবোৰ পাৰ কৰিছিল সুখ আৰু দুখৰ মাজেৰেই ।দেউতাকে থৈ যোৱা পৈত্ৰিক সম্পত্তিবোৰ লাহে লাহে জীৱন নিৰ্বাহত খৰচ কৰি কৰি শেষ হৈ আহিছিল  । দিবাকৰৰ মাকৰ শৰীৰতো নানা বেমাৰে আৱৰি ধৰিছিলহি ।বয়স কম হ'লেও পেটৰ ক্ষুধা নিবাৰণৰ বাবে দিবাকৰে দিনহাজিৰা কৰিবলৈ যাব লগা হৈছিল । তথাপি তাৰ মৰমৰ মাকজনী কাষত থকা বাবে সি ভাগৰি পৰা নাছিল । অন্তঃত নিজৰ বুলিবলৈ মাকজনী আৰু থাকিবলৈ নিৰাপদ হিচাপে নিজৰ এটা ঘৰ আছিল ।
     কথা বোৰ ভাৱি থাকোঁতে বেলিটো চতিয়না জোপাতে যেন হেৰাই থাকিল । সি ইফালে -সিফালে চাই একো নেদেখিলে  ।তাৰ হাতত টচও নাই  ।মনৰ অনুমানত সি এখোজ দুখোজ কৈ আগবাঢ়ি গৈ থাকোঁতে দেখিলে, ৰাস্তাৰ কাষৰ নামঘৰ এটা ।নামঘৰৰ গেটখন লাহেকৈ খুলি সেৱা এটা কৰি সি নামঘৰৰ বাৰান্দাতে কুচি -মুচিকৈ বহি পৰিল । তাৰ গাটো অৱশ অৱশ লাগিল ।সি ভাৱিলে কোনোবাই যদি এই মূহুৰ্তত তাক তাৰ পৰিচয় সোধে সি কি ক'ব  ? তাৰ বুকুখন কপি উঠিল  ! তথাপি  সি ক'ব --ম ই  মাথোঁ এজন বাটৰুৱা  ।