Type Here to Get Search Results !

আশা

 নীলিমা গগৈ,গেলেকী


                  পূৱা বিছনাৰ পৰা উঠিব মন নগ'লেও বিদিশাই বিছনাৰ পৰা উঠিল | কাৰণ তাই এনেদৰে থাকিলে ঘৰখন নচলে | দৈনন্দিন কামলৈ নগলে তাইৰ পেটৰ পোৱালি কেইটাই যে ভোকত থাকিব লগা হয় | হঠাৎ ৎ তাইৰ মনলৈ আহিল  সিহঁতৰ ঘৰলৈ আজি মালিকৰ ঘৰৰপৰা বিহু বুলি  সপৰিয়াল অহাৰ কথা | নাহিব নো কিয় ? তাই যে নহ'লে সিহঁতৰ ঘৰখন নচলে |বিদিশা‌ সিহঁতৰ অতি বিশ্বাসী|  বিদিশাৰ মূখত এটা হাঁহি বিৰিঙিল‌| ভগৱানক সুঁৱৰি তাই মনে মনে ক'লে, "ভগৱান তোমাৰ লিলা অপাৰ | "
                   আজি গাটো তাইৰ বেয়া|তথাপি তাই উঠিব লাগিব | তাইটো মহাজনৰ পত্নী নহয় যেএটা কথাতেই লগোৱা ,লিকচৌ ভৰি পৰিব | কোনো গৰাকীয়ে বিছনাতে আহাৰ যোগান ধৰিব, কোনো জনে হাত ,ভৰি মালিচ কৰিব আৰু কোনো গৰাকীয়ে গা ধুৱাই দিব ? মহাজনৰ পত্নীয়ে মূখত সোণৰ চামুচ লৈ জন্মগ্ৰহণ কৰিছে |তাইটো তেনেদৰে জন্ম  হোৱা নাই |তাইৰ জন্ম হয়তো কোনোবা কালসন্ধ্যা হৈছিল | যাৰ বাবে তাইৰ এই অৱস্থা | মানুহ জন তাইৰ থাকিও নথকা| দায়িত্ব বোধ নথকা মানুহ জনক লৈ তাইৰ  সমস্যাই নধৰা এখন সংসাৰ |
                     মহাজন মানুহ জন ভাল সেইবাবেই তাই ঘৰখন চলাব পাৰিছে | তাই ও সততাৰে কাম বোৰ কৰাৰ বাবে মহাজনৰ পত্নীৰো অন্তৰ চুব পাৰিছে| সেইবাবেই আজি তেওঁ লোক আহিব সিহঁতৰ সৰু পজাটিলৈ | অজস্ৰ ভাৱনাত তাইৰ মনটো গধুৰ হৈ পৰিল| বেদনা বোৰ ধুৱাই পাৰ ভাঙি বৈ আহিল সজল দু_চকুৰ চকু পানীবোৰ যেন এখন বোৱতি নৈ |বাধা দি ৰাখিব পৰা নাই তাই | আচলৰ আগেৰে লোতোক বোৰ মচি তাই নিজকে শান্তনা দিলে | আউসীৰ জোনৰ পাচত পূৰ্ণিমাৰ জোনাকৰ দৰে তাই ভঙা বিছনা খন ত্যাগ কৰি বাহিৰলৈ ওলাই আহিল| আন দিনত কৈ অলপ খৰকৈ বাহী কাম বোৰ কৰি  আতালে তাই | বাহী গাটো তিয়াই আহি ৰঙা চাহ এবাটি খাই ‌ ললে | মনটো তাইৰ ডাৱৰীয়া মূখৰ বেলিটোৰ দৰে ফৰকাল হৈ পৰিল|
     ‌                 খৰধৰকৈ খূন্দোনাটোতে পিঠা অলপ খুন্দিৱলৈ খুজি মাগি অনা চাউল কেইটা উলিয়াই ললে | ধনী মানুহ সিহঁতৰ দৰে মানুহৰ পজালৈ আহিব |নামি দামি মিঠাই খোৱাব নোৱাৰিলে ও তাইৰ হাতৰ ভাপৰ পিঠা এটাকে খাৱলৈ দিব আন্তৰিকতাৰে| 
                      ল'ৰা _ছোৱালি হালক গা ধুৱাই তাই আজৰি হ'ল ফটা  গাঁঠি দিয়া যদিও পৰিস্কাৰ চোলা কেইটা পিন্ধি সিহঁত মাকৰ কথা মতেই বিছনাত উঠিল গৈ |আন দিনা হোৱা হ'লে দৌৰি গৈ বোকা পানী ল'লে হেঁতেন কিন্তু সিহঁতেও বুজিছে আজি সিহঁতৰ ঘৰলৈ ডাঙৰ মানুহ আহিব |
                         বিদিশাই জুই কোৰা ধৰি কেৰাহীত অলপ পানী দি তৰাৰ পাতত বন্ধা পিঠা কেইটা এটা, এটা কৈ দি উতলাব ধৰিলে| মনতে ভাৱিলে ইমান কষ্ট কৰি বনোৱা দামি মিঠাই খাই থকা মহাজনৰ পত্নীয়ে খাব জানো ?