Type Here to Get Search Results !

প্ৰতীক্ষা

 জীনামণি বৰগোহাঁই দুৱৰা

"মোৰ বাবে এই দিনকেইটা বৰ মূল্যৱান। ফোন কৰি আমনি নিদিবা।" আমেৰিকাস্থিত একমাত্ৰ সন্তানৰ এইকেইটা কথা কিদৰে বাৰু সদায় তাক চাবলৈ বিছাৰি থকা আৰু ডাক্তৰে অন্তিম সময় হৈছে বুলি ঘোষণা কৰা দেউতাকক জনাইগৈ জেউতিয়ে?