Type Here to Get Search Results !

পথৰুৱা আঘোণ

ৰফিকা বেগম


আজি প্ৰাতঃ ভ্ৰমণলৈ যাওতে
ৰেলৰ আলিৰ কাষত বহি
এগৰাকী অপৈনত বৃদ্ধ
তেওঁ চৰাইবোৰ মাতিছে ইংগিতেৰে
জাক পাতি উৰি আহিছে চৰাইবোৰ
কপৌ , শালিকা, ঘৰচিৰিকা, পেতুলুকা
যেন এখনি ৰাজহুৱা মেল
অভিযোগ প্ৰতি অভিযোগৰ কোৰহালত
অস্থিৰ হৈ পৰিছে বৃদ্ধৰ
দুহাত দুভৰি
মই দুখোজ মান আগুৱালো
বৃদ্ধৰ গাত জিলিকি আছিল
এটি সোণোৱালী ৰেচমি কামিজ
আৰু দুখোজ 
আৰু 
আৰু
লাহে লাহে বৃদ্ধৰ হাত ভৰি
মুখ নাক কান চকু 
আনকি চুলি খিনিও
সোণোৱালী হৈ পৰিল ।