Type Here to Get Search Results !

প্ৰবঞ্চনা

 প্ৰগতি গগৈ চাংমাই


"মোক মাটিত শুৱাই থৈ সকলো কান্দিব ধৰিছে। পত্নী, ল'ৰা-ছোৱালী, মা-দেউতা, বংশৰ অঙহী-বঙহী। সকলোৰে মনত এটাই প্ৰশ্ন ---'মই কিয় এনে কৰিলোঁ? উত্তৰ দিব পৰাকৈ মোৰ হাতত একোৱেই নাই। কেনেকৈ কওঁ মই পুৰুষ হৈও লাঞ্ছিত হোৱাৰ কথা ? কেনেকৈ কওঁ কিদৰে মই পুৰুষ হৈও নাৰীৰ হাতত শোষিত হ'লো?"
             খুব সুন্দৰকৈ চলি থকা এখন ঘৰ। ঘৰখনত একোৰে অভাৱ নাই। পদূলিৰ মূৰত দুফালে দুজোপা বকুল। পদূলিৰ দুয়োকাষে দেৱদাৰু, নাহৰ আদি গছে দীঘল পদূলিটোৰ শোভা বঢ়াইছে। মাজে মাজে ভিন ভিন ৰঙৰ ফুলৰ সমাহাৰ। অসম আকৃতিৰ ঘৰটো আৰু সুন্দৰ কৰি তুলিছে ইয়াৰ চৌপাশৰ গছ-গছনিবোৰে। চোতালত কুকুৰা, হাঁহ কেইটামান, গড়ালত ছাগলী  তিনিজনী, গোহালিত গাই দুজনীমান। ঘৰৰ কাষতে বছৰটোৰ ভাতমুঠিৰ বাবে ৰাখি থোৱা সোণগুটিৰ ভঁৰালটো। 
             ঘৰত মা-দেউতা, ল'ৰা-ছোৱালী আৰু এজনী মৰমৰলগা ধুনীয়া পত্নী আছে। সৰু  চাকৰি এটা কৰি নিজৰ সংসাৰখনৰ জোৰা-টাপলি মাৰিব লাগিছোঁ। ইয়াৰ মাজতে যাক যেনেকৈ পাৰোঁ সহায় কৰিছোঁ। ওচৰৰ কাৰোবাৰ বিপদ হ'লে ঢপলিয়াই যাওঁ। মোৰ বিপদতো তেওঁলোকে সহায় কৰে। কণমান মাউৰা ল'ৰাকেইটাই মোৰ লগত খেলি বহুত ভালপায়। আবেলি আবেলি সেয়ে সিহঁতৰ লগত অলপ মুকলিকৈ কথা পতা , একেলগে খেলাটো মোৰ দৈনিক ৰুটিনৰ অন্তৰ্গত। 
             মই খুব বেছি ওখ ও নহয়, চাপৰো নহয়  । গাৰ বৰণ বগা। আটিয়াল শৰীৰেৰে এতিয়াও সুন্দৰ সুঠাম ডেকা।  বিদ্যালয়ৰ কিবাকিবি কামত সহায় বিচাৰিলেও যথাসাধ্য সহায় কৰোঁ। আপোনালোকে ভাবিছে ছাগে কেৱল নিজৰ বিষয়ে মই কৈ আছোঁ। কাহিনী কেতিয়া ক'ম? ক'ম আজি। আজি আপোনালোকক সকলো কম। আপোনালোকক সকলো কম বুলিয়েই আজি জিৰণি লৈছোঁ। আত্মীয়সকলে কান্দি আছে। পত্নী, ল'ৰা-ছোৱালী হালক মোৰ ওচৰৰ পৰা কোনেও আঁতৰাই নিব পৰা নাই।। কোনোবাই মোৰ গুণ-গৰিমা গাই আছে। এইবোৰ মই চাই থাকিব পৰা নাই। দুখৰ দুধাৰি চকুলো মোৰ দুচকুৰে নিগৰি আহিছে। 
             মই মোহাৰিব খুজিও মোহাৰিব পৰা নাই। 
             সকলোৱে কৈছে  ''ইমান ভাল ল'ৰাটো/মানুহ জনে কিয় এনে কৰিলে?কিয়??" এই কিয়ৰ উত্তৰ দিবলৈ গৈ মই আপোনালোকক এই কথাখিনি বিৱৰণ নিদিলে জানো হ'ব? 
             শুনক। সিদিনা কাষৰ এগৰাকী তিৰোতাই ইনাই-বিনাই কান্দি আছিল। স্বাভাৱিক ভাৱেই মনত কোনো প্ৰশ্নৰ অৱতাৰণা নকৰি কাৰোবাৰ কিবা বিপদ হৈছে বুলি আগবাঢ়ি গ'লোঁ। ঘৰৰ দুৱাৰমুখত মাত দিলোঁ। ভিতৰৰ পৰা কান্দোনৰ শব্দ বেছি হৈ আহিল। ছোৱালী জনীৰ জ্বৰ। মেডিকেল নিবলৈ টকাৰ অভাৱ। মই টকা পাঁচশ দি ওচৰৰ চৰকাৰী মেডিকেল খনত দেখুৱাই আহিবলৈ ক'লো। পাছত এদিন ছোৱালী জনীৰ খবৰ লওঁ বুলি সোমালোঁ। এই সোমোৱা কাৰ্যটোৱেই মোৰ বাবে কাল আছিল। ছোৱালী জনী দেখিলোঁ চোতালত খেলি আছে। দুই-এষাৰ তাইক সুধি ঘৰলৈ বুলি ওলাওঁতেই মাকে দেখি বহিবলৈ মাতিলে । নবহোঁ বুলি ও বাৰাণ্ডাত বহি ল'লো। মাকে চাহ কৰিবলৈ গ'ল। দেউতাকক দেখা নাই। হয়তো কেনিবা কিবা কামত গ'ল। নাযাওঁ বুলিও মানুহগৰাকীৰ অনুনয়ত ভিতৰলৈ যাবলৈ মই বাধ্য হ'লো। চাহকাপ খাওঁতেই মোৰ কিবা মূৰটো আচন্দাই কৰা যেন লাগিল। উঠিবলৈ খুজিও বহি পৰিলোঁ। তাৰ পিছত ক'ব নোৱাৰোঁ।
             যেতিয়া সাৰ পালোঁ নিজকে বিছনাত দেখি ততাতৈয়াকৈ উঠি বহিলোঁ। মই দেখোন নিজৰ ঘৰৰ বিছনাত নাই। কথাবোৰ মনত পৰি গ'ল। তথাপি বিশেষ নাভাবি ঘৰলৈ খোজ ল'লো। মুখ-হাত ধুই আগফালে অলপ বহিলোঁ।
             এনেদৰেই কেইবাদিনো পাৰ হ'ল। স্বাভাৱিক ভাৱেই জীৱন জীয়াব লাগিছোঁ। মোৰ মনত একো সন্দেহৰ ভাৱ সোমোৱা নাছিল তেতিয়া লৈকে। সিদিনা অহা ফোনটো পাই মোৰ অবাক হোৱাৰ পাল। ফোনত টকা বিচাৰিছে কোনোবাই। টকা নিদিলে মোৰ ঘৰ, সংসাৰ সকলো শেষ। মোৰ বিষয়ে হেনো বিশেষ কিবা প্ৰমাণ আছে সিহঁতৰ হাতত। মই ভাবি পাৰ পোৱা নাই। কোন তেওঁলোক, কি প্ৰমাণ আছে তেওঁলোকৰ হাতত? মই তো ক'তো একো ভুল কাম কৰা নাই জানি-বুজি। ঘৰতো ক'ব নোৱাৰোঁ। দিনটো কাম কৰি ভাগৰা পত্নীক মই এইবোৰ কিদৰে কওঁ? ৰুগীয়া বৃদ্ধ আই-পিতাইকনো কি বুলি কওঁ? ভাবি ভাবি উলিয়াব পৰা নাই কি হৈ আছে? বহুত ভাবি-চিন্তি নম্বৰটোলৈ ফোন লগালো। সিপাৰে এগৰাকী মহিলাৰ মাত.…..
             " টকা সাজু হৈছেনে? টকা নিদিলে তোমাৰ চৰিত্ৰ উদঙাবলৈ সাজু আমি। সেয়া লাগিলে মিছাই হওক। ভিডিঅ'ত টো তুমিয়েই হয় সেই কথা সকলোৱে চিনি পাব। "
             খুব চিন্তাত পৰিলোঁ । মোৰ চৰিত্ৰৰ কথা ক'বলৈ তেনেকৈ মই ক'তো একো কাম কৰা নাই। কিন্তু ভিডিঅ'টোত মিছাক সঁচা কৰা হৈছে। টকাৰ পৰিমাণো মোটা। ক'ৰপৰা পাম মই ইমান টকা? চাকৰিটোৰে যেনেতেনে ঘৰখন চলাই আছোঁ। এইবোৰ ভাবি থাকোঁতেই মোবাইলটোৱে মেছেজ অহাৰ সংকেত দিলে। মোবাইল খুলি মোৰ ভৰি তলৰ মাটি খহি পৰিল। 
             মই সিদিনা মানুহ ঘৰত মূৰ ঘূৰাই পৰাৰ কথাটো তৎক্ষণাত মনত পৰি গ'ল। বিছনাত মই শুই আছোঁ অচেতন হৈ। কিন্তু ভিডিঅ'টোত এনেকৈ দেখুওৱা হৈছে যে মই মানুহগৰাকীক জোৰ কৰি যেন কিবা এটা.....
             নিশ্চয় মই নক'লেও আপোনালোকে অনুমান কৰিব পাৰিছে। মানুহ ইমান তললৈ যাব পাৰে মই সপোনতো ভবা নাছিলোঁ। এফালে টকা বিচাৰিছে। আনফালে মই মিছা প্ৰৰোচনাত বন্দী। ঘৰত ক'বলৈও মানা কৰিছে। যদি ঘৰত কওঁ সকলোকে শেষ কৰিম বুলি ভাবুকিও দিছে। 
             টকাৰ জোগাৰ ক'ৰপৰা কৰিম বুলি ভাবোঁতে ভাবোঁতে খীণাই গৈছোঁ। পত্নীয়ে মোৰ পৰিৱৰ্তন দেখি কৈছে এইকেইদিন কিবা চিন্তা হৈছে নেকি? মই কি কম!
             "নাই, এনেয়ে খীণাইছোঁ।এইকেইদিন কামৰ প্ৰেছাৰ বেছি। সেয়ে ছাগে!" পত্নীক মিছা কথা কৈ মই শান্তিত থাকিব পৰা নাই। মই পলৰীয়া মনোভাৱেৰে উত্তৰ এটা দি থলোঁ। অৱশেষত সিদ্ধান্ত লৈ পেলালোঁ। দিনতেই বাৰীৰ আমজোপা চাই আহিলোঁ। বহুত ওখ হৈছে। 
             পুৱাই ঘৰখনত হুলস্থূল লাগিল। কন্দা-কটা। ঘৰখনৰ পাছফালেই দমকলটো। মুখ ধুবলৈ আহি মোৰ পত্নীয়ে আমগছজোপাত চিঞৰি থকা কাউৰীজনীলৈ চাই পঠিয়াওঁতে মোক গছজোপাত ওলমি থকা দেখিলে।
             মানুহ বোৰ এজন দুজনকৈ গোট খালে। পুলিচ আহিল। পোষ্টমৰ্টেম কৰালে শৰীৰটো। কিন্তু বিশেষ একো নাপালে। মানসিকভাৱে ভাঙি পৰাৰ বাবে এনে হ'ল বুলি এটি ইংগিত দিলে । আচৰিত কথা মোৰ মোবাইলটো চাওঁতে একো বিচাৰি নাপালে তেওঁলোকে। ময়ো ভাবি পোৱা নাই কোনে কেতিয়া ভিডিঅ'টো ডিলিট কৰিলে। লগতে দায়েল/ৰিচিভ কলৰ ডিটেইলছ্। মই যদিও এতিয়া একো কৰিব নোৱাৰোঁ তথাপি চাই ফুৰিছোঁ খুব।
              এপাকত দেখিলোঁ সেই মহিলাগৰাকীক। কান্দি দুখ কৰি কৈ আছে " ভাইটিয়ে এনেকুৱা কৰিব বুলি ভবা নাছিলোঁ। বৰ ভাল মানুহ আছিল। "
              অহ। কথা তাৰমানে সেইটো হে। কোনপাকত ভিতৰলৈ গৈ তেওঁ মোবাইলটোত থকা তথ্য ডিলিট কৰিলে কোনেও ধৰিবই নোৱাৰিলে। 
  আই-পিতায়ে এই বয়সত পুত্ৰশোক পোৱাত মোৰ শোকে খুন্দা মাৰি ধৰিছে। যাওঁ বুলিও কাষ  চাপিব নোৱাৰোঁ এতিয়া । মই এতিয়া এইখন সমাজত ঠাই নাপাওঁ।  পত্নীলৈ চালোঁ। তেওঁ এতিয়াও মোৰ দুভৰি খামুচি কান্দি আছে। নিজকে বহুত দোষী অনুভৱ হ'ল। যেনেতেনে মোৰ গাৰপৰা পত্নীক এৰুৱাই নিলে আন মহিলা কেইগৰাকীমানে। 
  "বিদায়! মই আহিলোঁ। তোমালোক কুশলে থাকা। মোৰ মৃত্যুৰ পাছত যিহেতু পত্নীয়ে পেঞ্চনৰ টকাকেইটা পাই থাকিব সেইটো ভাবি অলপ সকাহ পালোঁ। দুচকু ভৰি পৰিছে মোৰ। তথাপি যাবই লাগিব... বিদায়!