Type Here to Get Search Results !

নোকোৱা কথাবোৰ নোকোৱাকৈয়ে থাকক

 চালমা চুলতানা বেগম


নোকোৱা কথাবোৰ  নোকোৱাকৈয়ে থাকক!
হৃদয়ৰ কথাবোৰ হৃদয়ৰ ভাঁজতেই ৰওক !
এই কথাবোৰ মইও জানো আৰু তোমিও জানা 
যে তোমাৰ-মোৰ মাজত আছেনে অসীম সীমনা
পিছে মনে যে নিবিচাৰে কোনো ভালপোৱাৰ ঠিকনা
 হৃদয়েও নিবিচাৰে গাৰ ৰং অথবা বাহ্যিকতাৰ নিদৰ্শনা
মাথো বিচাৰে এমুঠি অনুভৱ
যাৰ  অনুৰাগত হেৰাই যাব খোজে ভালপোৱাৰ সমস্ত বাসনা !নাজানো, ভালপোৱা কেনেকৈ জাগে......
কেনেকৈ হৃদয়ৰ মাজত কোনোবাই ঘৰ সাজে.....
পিছে তোমাক নেদেখাকৈ মাথোন তোমাৰ শব্দই
 মোৰ কলিজাত ভালপোৱাৰ সুখানুভূতিৰ এপাট শৰ হৈ বিন্ধে !
মোক এনেকৈ শৰবিদ্ধ হৈ থাকিবলৈ দিয়ানা ! 
তুমি মাথো এই ভালপোৱা বোৰক অপমান কৰি নিদিবা দূৰলৈ দলিয়াই 
বুকুৰ মাজত আলফুলকৈ ৰাখিবা সজাই !