Type Here to Get Search Results !

মায়াৱী চিকুণ পুৱা

 দিপালী ৰাধিকা, শিৱসাগৰ


তোমাৰ সাহিত্য কাননত,
এপলক শব্দধ্বনিৰ সেউজ
মোকো দিয়া কাব্যিকতাৰ উমেৰে
প্ৰাণোৎচ্ছল লাৱণ্য ঢালি
ছন্দোময় ন সৃষ্টিৰ প্ৰৱাহ
তাতেই বিচাৰি পাম ৰূপোৱালী নৈৰ,
জীৱন ঘাটৰ অমিয়া ভৰা স্বাদ।
শুনিছোঁ শত যোজন দূৰৈত,
এটি পুৱতি গীতৰ দৰদীৰ সুৰ
সুৰৰ মূৰ্চছনাত উন্মাদ কৰি
সিঁচি দিয়া নীলা আকাশত
মেঘৰ আঁৰত ৰঙা বেলিটি আঁৰি
মায়াৱী চিকুণ পুৱাটি।
পুৱতি গীতেৰে চিকুণৰ ৰুক্ষতা ভেদি,
প্ৰাণত সঞ্জীৱনী পোহাৰ মেলিব
আহ্লাদিত কৰাহি শৰতৰ ফুলাম হাঁহিত
গালে মূখে ছটিয়াই দিবহি
এচাতি যৌৱনমতি সুবাস।
অনুভৱবোৰেও সাৰ পাব,
শাৰদীয় ৰাণী শেৱালিয়ে
শুভ্ৰ দলিচা পাৰি বহি পাঞ্চজন্যৰ 
মধুৰ মিলনৰ আভুষণেৰে বন্দী কৰি
সৰ্বশৰীৰত হালধীয়াই সেকিব
 উমাল কৰিব নিভাজ প্ৰেমৰ
অন্য এক প্ৰহৰৰ সপোন
সোণাৰুৰ শাৰী শাৰী পলাশৰ
ফাগুনৰ বতৰা।