Type Here to Get Search Results !

মানুহ বোৰ যতে ততে জীয়াই থাকে

 ৰফিকা বেগম


মানুহ বোৰ জীয়াই থাকে
মানুহ বোৰ যতে ততে জীয়াই থাকে
জীয়াব খোজা মানুহবোৰ জীয়াই থাকে
ঘৰৰ বেৰ বোৰত , চাদত 
বাউণ্ডাৰি ৱালত, পদূলি মূৰৰ গেটত
পিছফালৰ পুখুৰীটোত , আগফালৰ নাৰিকল জোপাত
কোনোবা নহয় কোনোবা এজন জীয়াই থাকে

বিদ্যালয় , মহাবিদ্যালয়
ক্লাব ঘৰ , নাটঘৰ
বৃদ্ধশ্ৰম ,অনাথ আশ্ৰম
নামঘৰ , মছজিদ , মন্দিৰ বোৰতো
জীয়াই থাকে বহুত মানুহ
সিহঁতৰ বেৰ বোৰত
ওপৰৰ টিনপাত বোৰত
চকী মেজ, ডেক্স বেঞ্চ
পদূলি মুখৰ তোৰণ
আনকি পানীৰ টেপে টেপে
জীয়াই থাকে জিয়াব খোজা মানুহবোৰ

গাঁৱলীয়া দীঘল দীঘল বাটবোৰত
জীয়াই থাকে মানুহ বোৰ
টাউনিয়া সৰু সৰু গলি বোৰত
জীয়াই থাকে মানুহ বোৰ
মন্দিৰ মছজিদৰ গছবোৰত
ভিতৰৰ চিলিং ফেন বোৰত
মানুহ বোৰ জীয়াই থাকে
জীয়াৱ খোজা মানুহবোৰ
যতে ততে জীয়াই থাকে

গাঁৱলীয়া পথাৰ বোৰত জীয়াই থাকে মানুহ বোৰ
পথৰুৱা হাফলু বোৰত 
জীয়াই থাকে মানুহ বোৰ
শিশু উদ্যান বোৰত 
জীয়াই থাকে মানুহ বোৰ
উদ্যানৰ জুলনা বোৰত 
জীয়াই থাকে মানুহ বোৰ
বাটৰ কাষৰ যে
জিৰণি ঘৰ বোৰ আৰু দাষ্টবিন বোৰ
মানুহ বোৰ তাতো জীয়াই থাকে বহুতো
জীয়াব  খোজা মানুহবোৰ
যতে ততে জীয়াই থাকে

চহৰ নগৰৰ ডাঙৰ ডাঙৰ হৰ্ডিং বোৰ
অথবা লাইব্ৰেৰীৰ চেলফৰ ভিতৰতে
কেৱল জীৱিত মানুহ নাথাকে
জীয়াব খোজা মানুহবোৰ
যতে ততে জীয়াই থাকে ।