গীতাঞ্জলি দেৱী
হে বীৰ , তুমি গৌৰৱ আমাৰ
তুমি শৌৰ্য
তুমি বীৰ্য
নিজক সমৰ্পিলা আই অসমীৰ চৰণ সেৱি ।
সৌখন শৰাইঘাট
তোমাৰ বীৰত্বৰে শিৰ তুলি থিয় হৈ আছে তোমাৰ কথাকে সোঁৱৰি ।
তুমি জাতীয় বীৰ ,
মোমাই তামুলিৰ সুযোগ্য সন্তান ।
দেওধাই মহনৰ ভৱিষ্যৎ বাণীৰে
তুমি নামনিৰ বৰফুকন ।
শতিকা গচকি শতিকা আহিলেও
তোমাৰ বীৰত্বৰে আমি মূৰ তুলি থিয় হ'ম ,
তোমাৰ সাহস বুকুত বান্ধি ঘোৰ সংকট নাশিম ।
শত সূৰ্য্য তোমাৰ গৰিমাৰে উজ্জ্বলি থাকিব
কত জোৱানে তোমাৰ পথেৰেই আগবাঢ়িব ।
তোমাৰ সাহসেৰে তুমি মহীয়ান
হে বীৰ তোমাক প্ৰণাম ।