Type Here to Get Search Results !

কাব্য সংকলন- শ্যামলী ধৰিত্ৰী কবি-নিৰু চেতিয়া হাজৰিকা

 আলোকপাত-সুৰভি বৰ পাত্ৰ গোহাঁই 


   কাব্য সংকলন "শ্যামলী ধৰিত্ৰী" পঢ়ি ভাল লাগিল । কবি নিৰু চেতিয়া হাজৰিকাৰ একমাত্ৰ তথা প্ৰথমখন কবিতা সংকলন । ২০১৮ চনত প্ৰকাশিত কাব্য সংকলন খনৰ সুন্দৰ বেটুপাত অংকন কৰিছে পলাশ গোহাঁইয়ে । অক্ষৰ বিন্যাস আৰু  অলংকৰণ পংকজ গগৈ । মূদ্ৰণ-বিনায়ক অফছেট, শংকৰ মন্দিৰ পথ, শিৱসাগৰ । 
  " শ্যামলী ধৰিত্ৰী "  কাব্য সংকলন খন কবিয়ে তেওঁৰ প্ৰয়াত পিতৃ ঘন চেতিয়া আৰু প্ৰয়াত মাতৃ পূণ্য চেতিয়াৰ
স্মৃতিত অৰ্পণ কৰিছে । 
   শ্ৰীমতী নিৰু চেতিয়া এগৰাকী সুগৃহিনী । ঘৰুৱা কাম কাজৰ উপৰিও তেখেতে সামাজিক আৰু সাংস্কৃতিক জগত খনতো সমানে আগবাঢ়ি যোৱা কবি গৰাকীয়ে  সাহিত্য জগতখনলৈও অৰিহণা আগবঢ়াইছে । কাব্য সংকলনত ত্ৰিয়াল্লিছটা কবিতাৰে পাণ্ডুলিপি প্ৰস্তুত কৰি উলিয়াইছে । 
    কাব্য সংকলনত  সন্নিৱিষ্ট কবিতাবোৰৰ মাজেদি কবিয়ে স্বদেশ প্ৰেম, প্ৰকৃতি প্ৰেম, মানুহ, মানৱতা আৰু আধ্যাত্মিক ভাৱধাৰাৰে কবিতাবোৰ সজাই পৰাই তুলিছে। বিভিন্ন সময়ত বিভিন্ন তীৰ্থস্থান ভ্ৰমণ  কৰি পোৱা অভিজ্ঞতাবোৰ তেখেতে  কবিতাৰ মাজেৰে ব্যক্ত কৰিছে।  দেশৰ মহান ব্যক্তিসকলক লৈও কবিয়ে কবিতা লিখিছে।  জয়মতী,
কনকলতা, ভূপেন হাজৰিকা, বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ  আগৰৱালাদেৱ আদি কবিতাবোৰ কাব্য সংকলন খনত সন্নিৱিষ্ট কৰা হৈছে। তাৰোপৰি শাওণৰ বোকাময় পথাৰ, জাকৈয়া ছোৱালী, শ্বিলং, কন্যাকুমাৰী, ৰংপুৰ, ঢলা শদিয়া দলং, ৰামেশ্বৰম, তাজমহল, ব্ৰহ্মপুত্ৰ আদি কৰি  কেইবাটাও কবিতাত তেওঁৰ মনৰ অনুভৱ সুন্দৰকৈ  বৰ্ণনা কৰিছে  কাব্য সংকলন খনত । তাৰোপৰি আধ্যাত্মিক ভাৱসম্পন্ন কবিতাৰ ভিতৰত ঢেকীয়াখোৱা বৰ নামঘৰ, ভগৱান শ্ৰীকৃষ্ণ, পঞ্চানন সদাশিৱ, ড০ পিতাম্বৰদেৱ প্ৰভূ সত্ৰাধিকাৰ দেৱানন্দ প্ৰভু, শ্ৰী শ্ৰী শংকৰগুৰু আদি কবিতা অন্যতম । 
 কাব্য সংকলন খনৰ প্ৰতিটো কবিতাই  সহজ সৰল আৰু প্ৰাঞ্জল ভাষাৰে বৰ্ণনা কৰিছে। শব্দৰ জটিলতা নাই। যাৰ অৰ্থ বিচাৰি পাঠকে অভিধান খুচৰিব নালাগে । গভীৰভাৱে অধ্যয়ন কৰিলেই  কবিতাৰ মৰ্মাৰ্থ উপলব্ধি কৰিব পাৰি । পাঠকৰ জ্ঞাতাৰ্থে  দুটামান কবিতা তুলি দিয়া হ'ল । কাব্য সংকলন খনৰ কবিতা "শাৰদী ৰাণী" 
(পৃষ্ঠা নং ৫১) কবিতাটোত কবিয়ে শৰতৰ এখন সুন্দৰ  চিত্ৰপট অংকন কৰিছে ।  প্ৰকৃতি  ৰাণী শৰতৰ অপৰূপ সৌন্দৰ্যৰ কথা, শাৰদীয় উৎসৱৰ কথা সুন্দৰ তথা সাৱলীল ভাৱে বৰ্ণনা কৰিছে । শৰতৰ আগমনে প্ৰকৃতিৰ 
সৌন্দৰ্য্য অপৰূপা, ধীৰ স্থিৰ, শান্ত সৌম্য কৰি তোলে। বৰ্ষাৰ বোকাময় চোলাটো সোলোকাই প্ৰকৃতিয়ে নতুন সাজ পিন্ধিবলৈ সাজু হয়। শৰতৰ পৰশ পাই আকাশ, বতাহ, ৰাস্তা, ঘাট আদি কৰি গোটেই প্ৰাকৃতিক পৰিবেশ মনোমোহা হয়। বৰ্ষাৰ প্ৰকোপত ম্লান হোৱা ফুল ফলবোৰে  নতুন ৰূপ লয়। চোতালৰ দুবৰিডৰাই সেউজীয়া আভৰণে সৰ্জ্জিত হৈ ৰাতি ফুলা শেৱালিৰ পৰশ ল'বলৈ উদ্বাউল হৈ থাকে । উদিত সুৰুযৰ কিৰণে জিলমিল পোহৰে জিলিকাই তুলিব। নৈৰ পাৰৰ শুভ্ৰ কঁহুৱাৰ হালি জালি নৃত্যই  প্ৰাকৃতিক পৰিৱেশত মহা পয়োভৰে হৰ্ষোল্লাসৰ সৃষ্টি কৰে। কবিয়ে অতি সুন্দৰ ভাৱে শৰতৰ বিনন্দীয়া ৰূপ কাব্যিক চিত্ৰপটৰ যোগেদি পৰিস্ফুট কৰি তুলিছে। সেই কথা কবিতাটো পঢ়িলেই অনুমান কৰিব পাৰি।  শাৰদী ৰাণী মৃদু সমীৰণে/দুবৰি বনৰ নিয়ৰৰ টোপালক/মুকুতাৰে খোপা সাজে /মিঠা শৰতে ওৰণি লৈ ভুমুকি মাৰে /পুৱাৰ সূৰুযে মন ৰঙাই তোলে /মিঠা জোনাকে আনে পূৰ্ণিমা ৰাতি /লুইতৰ পাৰে পাৰে কঁহুৱা ফুলে/শেৱালি ফুলে পদুমে পাহি মেলে / গছে বনে কুঁহিপাত মেলে/ভোমোৰাই ফুলে ফুলে মধু পান কৰে। /আনন্দতে নাচে চৰাইবোৰে / জিলিবোৰে জিৰ্ জিৰ্ কৰে/শ্যামলী মা পুষ্পিতা হয় ধৰণী /শৰতৰ পৰশে মন মিঠা কৰে /মনোমুগ্ধ হৈ শ্ৰীকৃষ্ণই ৰাসক্ৰীড়া কৰে /যুগে যুগে শাৰদী মা আহে, সৰ্বশক্তি লৈ  /উৎসৱৰ ৰেঙনিয়ে দিয়ে কৰ্ম প্ৰেৰণা / তুমি সুন্দৰৰ প্ৰতিমা /আমি তোমাৰেই প্ৰতীক্ষাত। 
  ঠিক তেনেদৰে  প্ৰেমৰ প্ৰতীক "তাজমহল" ৰ বিষয়ে (পৃষ্ঠা নং ৩৩) সুন্দৰকৈ বৰ্ণনা কৰিছে । চাহজাহান আৰু মমতাজৰ অমৰ প্ৰেমক স্থায়ী কৰাৰ উদ্দেশ্যে যি স্মৃতি সৌধ (তাজমহল) "নিৰ্মাণ কৰিছিল , সেই তাজমহল প্ৰত্যক্ষ কৰি তেওঁৰ অনুভৱৰ দলিছাত আঁকিছে, সুন্দৰতম  তাজমহলৰ  অনিন্দ্য সুন্দৰ কাব্যিক চিত্ৰপট  ।কবিয়ে  বৰ্ণনা কৰা কবিতাটো এনেধৰণৰ। 
" চিৰ সুন্দৰৰ পূজাৰী তুমি শ্বাহজাহান/যমুনাৰ তীৰতে জিকমিক তাজৰে ছবিটি/প্ৰেমৰ শলিতা জ্বলাই /মমতাৰ ৰাখিলা কীৰিটি। /তুমি দূৰন্ত, বীৰল প্ৰেমিক /তাজে আজি তাকেই ৰিঙিয়াই ।  এই দৰেই কবিয়ে কাব্য সংকলন খনত প্ৰতিটো কবিতাৰ  পঢ়িলেই তেওঁৰ  কাব্য প্ৰতিভাৰ উমান পাব পাৰি । আশাকৰোঁ কবিৰ কাপেৰে নিত্য নতুন সৃষ্টি হ'ব আৰু সাহিত্যৰ পথাৰ জীপাল হ'ব । 
 শেষত কবিলৈ ধন্যবাদ জ্ঞাপন কৰি অজানিতে ৰৈ যোৱা ভুলৰ বাবে ক্ষমা বিচাৰি আজিলৈ ইমানতে সামৰণি মাৰিলোঁ ।