ৰীতা সভাপণ্ডিত
এখন হৃদয়ৰ সন্ধান কৰিছো মই
য'ত প্ৰতি দিনে বিনিময় হয়
সুখ - দুখৰ ।
এখন হৃদয় লাগে মোক
সেউজীয়া আশা
সেউজীয়া ভাষা
সেউজীয়া হাঁহিৰে জীপাল কৰি
তুলিবলৈ মনাকাশ ।
কলিজাৰ পৰা নিগৰি অহা
আঘাতবোৰ পখালিব পৰাকৈ
এখন হৃদয় লাগে ।
বুকু বিদীৰ্ণ কৰি ওলাই অহা
হুমুনিয়াহ বোৰ আঁতৰাবলৈ ,
প্ৰাপ্তিৰে ভৰাই তুলিব পৰাকৈ
চকুলোবোৰ মুচি দিব পৰাকৈ
এখন মৰমৰ বিশাল হৃদয় লাগে ।