Type Here to Get Search Results !

সংগ্ৰাম জীৱনৰ আন এটি নাম


 প্ৰগতি গগৈ চাংমাই

নিয়ন লাইটৰ পোহৰত জিলিকে
আকাশ চোৱাৰ সপোন ,
মনত উদ্যমৰ
সংগ্ৰামী সত্ত্বা এটি ।
দুখ-বিষাদৰ মাজেৰে
কাঁইটীয়া পথ নেওচি
জীৱনক জিনাৰ
দুৰ্বাৰ হেঁপাহ।
উৰুখা পঁজাৰ ছালেৰে দেখা
ধুনীয়া জোনবাইক শুনায় নিশাৰ সাধু
ৰাজকোঁৱৰে ৰাজকুমাৰীক পাবলৈ কৰা
দুৰ্গম যাত্ৰা আৰু সাহসৰ কথা।
বিশ্বাস আৰু সাহচৰ্যৰ
এক আকাশলঙ্ঘী যাত্ৰা...
প্ৰকৃত মানুহ হোৱাৰ দুৰ্বাৰ বাসনা;
সপোন পূৰণৰ অলেখ কামনা।
ভীৰৰ মাজত নিজস্বতা নেহেৰুৱা
অলেখ  সংগ্ৰাম কৰি নাভাগৰা
নহয় কেতিয়াও ভাগৰুৱা
জিলিকে সপোন বাখৰুৱা।
ব্যতিক্ৰমী জীৱনৰ বাটত
এক নিমিলা অংক
চিজিল হয় ত্যাগৰ বিনিময়ত
পংকিলতা দূৰ হয় অৱশেষত।