Type Here to Get Search Results !

সংযোজিত সময়

 চৈয়দা চায়ৰা বেগম

সময়বোৰ তেজী ঘোঁৰাৰ দৰে
প্ৰাপ্তি-অপ্ৰাপ্তিৰ শেষ কাৰ্যক্ৰমণিকা
পৰিদৃশ্যমান নোহোৱা এক সময়ৰ স’তে
সংযোজিত হয় এক নতুন সময়
অৱধাৰিত সময়ৰ গতিত
ৰৈ যায় বহু স্মৃতি

নতুনৰ প্ৰতি সকলোৰে আকুলতা
এক অবুজ হেঁপাহ
নতুনৰ আগমনত
ফুলি উঠক সূৰ্য্যমুখী ফুল
কোমল ৰ’দৰ পৰশ লাগি
পূৰ্ণ হওঁক জীৱন স্বপ্ন ৷



নাজিৰা নগৰ
ৱাৰ্ড নং ৮