Type Here to Get Search Results !

সাম্প্ৰতিক সময়ত পাঠ-সমীক্ষাৰ প্ৰয়োজনীয়তা

 ৰঞ্জিত চুতীয়া


            পাঠ-সমীক্ষা বিষয়টো অতি বিস্তৃত বিষয়। পাঠ-সমীক্ষা হৈছে আধুনিক গৱেষণাৰ অন্তৰ্গত বিভিন্ন বিষয়ৰ ভিতৰত এক কঠিন আৰু অতি আকৰ্ষণীয় বিষয়। ইংৰাজীত এই বিষয়টোক টেক্সুৱেল ক্ৰিটিচিজিম্  (Textual criticism) বুলি কোৱা হয় আৰু তাকেই অসমীয়া ভাষাত পাঠ-সমীক্ষা আখ্যা দিয়া হৈছে। ইয়াৰ সমপৰ্যায়ৰ আন এটা অসমীয়া আখ্যা হ'ল সমীক্ষাত্মক পাঠ অধ্যয়ন। এই পদ্ধতিৰ দ্বাৰা এটা বিশেষ কৌশল প্ৰয়োগ কৰি পুৰণি প্ৰাপ্ত পাঠসমূহ অধ্যয়ন কৰা হয়। পাঠ অধ্যয়ন কৰাৰ পাছত প্ৰাপ্ত প্ৰমাণৰ ওপৰত নিৰ্ভৰ কৰি মূল পাঠৰ ওচৰ চাপিবলৈ যত্ন কৰা হয়।
             পাঠ-সমীক্ষা বিষয়টোৰ পৰিসৰ অতি বিস্তৃত আৰু প্ৰাচীন। কিন্তু বৰ্তমান সময়ো এই বিষয়টো অন্তৰ্গত। পাঠ-সমীক্ষা বিষয়টোৰ পৰিসৰ বৈদিক যুগৰ সাহিত্যৰ পৰা বৰ্তমান যুগৰ বাতৰি কাকত আদিত লেখা সকলো ধৰণৰ লেখনিকে সামৰৰি ল'ব পৰা যায়। পাঠ-সমীক্ষা বিষয়টো প্ৰধানকৈ পাশ্চাত্য গৱেষণাৰ সুচিন্তিত অধ্যয়ন প্ৰণালী।
         পাঠ-সমীক্ষাৰ চিন্তা-চৰ্চাৰ আৰম্ভৰ হৈছিল গ্ৰীচৰ আলেকজেন্দিয়াত। সেই সময়ত গ্ৰীক আৰু লেটিন ভাষাৰ আপুৰুগীয়া গ্ৰন্থৰাজিৰ বিজ্ঞান সন্মতভাৱে পাঠ-অধ্যয়ন কৰিবলৈ পাঠ-সমীক্ষা পদ্ধতি গ্ৰহণ কৰা হৈছিল। খ্ৰীষ্টীয় প্ৰথম শতিকাৰ পৰাই গ্ৰীচ দেশত পাঠ-সমীক্ষাৰ অধ্যয়ন আৰম্ভ হৈছিল। ইৰোপত নৱ-জাগৰণৰ কালছোৱাত অৰ্থাৎ পঞ্চদশ-ষোড়শ শতিকাত পাঠ-সমীক্ষা পদ্ধতিয়ে নতুন ৰূপ গ্ৰহণ কৰে। কিন্তু ভাৰতত ঊনবিংশ শতিকাৰ শেষ ভাগতহে পাঠ-সমীক্ষা বিষয়টোৱে গুৰুত্ব লাভ কৰিছে। কিন্তু ভাৰতত বৈদিক যুগৰে পৰা পাঠৰ শুদ্ধতাৰ প্ৰতি পণ্ডিত-গৱেষকসকলে যথেষ্ট গুৰুত্ব প্ৰদান কৰি আহিছে। বৈদিক যুগত বেদৰ পাঠ আওৰাওঁতে পণ্ডিতসকলে তাৰ শুদ্ধতাৰ প্ৰতি সজাগ হৈছিল। এনে ক্ষেত্ৰত পাঠ-সমীক্ষা পদ্ধতিৰ প্ৰয়োগৰ কথা আহি পৰে।
        অসমতো প্ৰাচীন কালৰে পৰাই পুথি নকল কৰাৰ এক পৰম্পৰা গঢ় লৈ উঠিছিল। অসমত পুথি নকল কৰাৰ ক্ষেত্ৰত ৰাজ পৃষ্ঠপোষকতাই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। আহোম শাসন কালত লেখাৰু,বৰুৱা,কাকতি,চাংকাকতি আদি অনেক উপাধিধাৰী ব্যক্তিয়ে পুৰণি পুথিসমূহ নকল কৰি পুথিৰ সম্প্ৰসাৰণ কৰিছিল। অসমত আনন্দৰাম বৰুৱা,কালিৰাম মেধি আদি ব্যক্তিসকল পাঠ-সমীক্ষা পদ্ধতিৰ পথ প্ৰদৰ্শক।
         পাঠ-সমীক্ষা কেৱল পুৰণি হাতেলিখা পুথিসমূহকে নহয়, প্ৰাচীন শিলালেখা,তামৰ ফলি,প্ৰত্নলেখ,মুদ্ৰালেখ,ৰাজকীয় জাননী আদিকো ইয়াৰ পৰিসৰ মাজত সামৰি ল'ব পাৰি। বৈদিক যুগৰ সাহিত্যৰ পৰা বৰ্তমান সময়ৰ বাতৰি কাকত আদিত লেখা সকলো ধৰণৰ লেখাক পাঠ-সমীক্ষাৰ পৰিসৰত সামৰি ল'ব পাৰি।
       সাহিত্যৰ প্ৰকৃত মূল্য নিৰ্ণয়ত পাঠ-সমীক্ষাৰ ভূমিকা উল্লেখযোগ্য। পাঠ-সমীক্ষাৰ জৰিয়তে সাহিত্যৰ ইতিহাস নিৰ্ণয় কৰিব পাৰি। পুৰণি কালত বৰ্তমানৰ দৰে ছপাশালৰ ব্যৱস্থা নাছিল বাবেই হাতে লিখা পুথিৰ অধিক প্ৰচলন আছিল। যি কোনো প্ৰাচীন লেখক বা  স্ব-হস্তলিখিত ৰচনাসমূহ বৰ্তমান আমি তেওঁলোকে ৰচনা কৰাৰ মূল ৰূপত নাপাওঁ। পুথি নকল কৰোতে পুৰণি পাঠৰ সংখ্যা বাঢ়ি গৈ থাকে আৰু তাত বহুতো নতুন কথা সোমাই পৰে। আনকি কেতিয়াবা মূল লেখকৰ ৰচনাখিনিৰ সম্পূৰ্ণ পৰিৱৰ্তন ঘটে। পুৰণি পাঠৰ এনে ভূল বা পাঠৰ বিকৃতি আতঁৰ কৰি মূল পাঠৰ ওচৰ চাপিবলৈ কৰা প্ৰয়াসটোৱেই পাঠ-সমীক্ষাৰ মূল উদ্দেশ্য। যুগৰ পৰিৱৰ্তনৰ লগে লগেও কিছুমান শব্দৰ ৰূপ সলনি হয় আৰু পিছৰ যুগত তেনেবোৰ শব্দৰ অপ্ৰচলিত হৈ পৰে। ফলত তাত নতুন শব্দৰ যোগ হৈ মূল পাঠৰ পৰিৱৰ্তন ঘটে। এনে ক্ষেত্ৰত মূল পাঠৰ প্ৰকৃত ৰূপৰ চানেকি প্ৰদৰ্শনৰ বাবে পাঠ-সমীক্ষাৰ প্ৰয়োজন। প্ৰাচীন পুথিৰ ভাষা,শব্দ আদিৰ শুদ্ধ ৰূপ উলিয়াব পাৰিলেহে পুথি ৰচনাৰ সময়,স্থান আদি নিভূল ভাৱে নিৰ্ণয় কৰিব পাৰি। এটা যুগৰ ভাষা-সাহিত্য-সংস্কৃতিৰ নিদৰ্শন দাঙি ধৰে সেই সময়ত ব্যৱহৃত ভাষা-শব্দৰ ভাণ্ডাৰ আদিয়ে। তেনে ক্ষেত্ৰত শুদ্ধ ৰূপত সেই পাঠ উদ্ধাৰ কৰিব পাৰিলেহে সেই সময়ৰ সমাজ-সাহিত্য-ভাৱ ভাষা আদিৰ শুদ্ধ ৰূপৰ প্ৰকাশ পাবলৈ পাঠ-সমীক্ষা বিষয়টো অতি প্ৰয়োজনীয়।
        পাঠ-সমীক্ষা সকলো সাহিত্যৰ অধ্যয়নৰ ক্ষেত্ৰত প্ৰয়োজনীয়। ভাৰতীয় সাহিত্যত ভি, এছ সুখথংকৰৰ নেতৃত্বত এদল গৱেষকে সোতৰ বছৰ পৰিশ্ৰম কৰি মহাভাৰতৰ সমীক্ষিত পাঠ প্ৰকাশ কৰিছিল। বৈদিক যুগত বেদৰ পাঠ আওৰাওঁতে গুৰুৰ ওচৰত বহু বছৰ থাকি পাঠ আয়ত্ব কৰিছিল। আধুনিক পাঠ-সমীক্ষা পদ্ধতিটো সেয়ে প্ৰাচীন কালতে বৈদিক যুগৰ পৰাই প্ৰচলন হোৱষ দেখা যায়।
        অসমতো প্ৰাচীন কালৰে পৰাই পুথি নকল কৰি সংৰক্ষণ কৰাৰ ব্যৱস্থা প্ৰচলিত আছিল। কিন্তু অসমীয়া সাহিত্যত পাঠ-সমীক্ষা পদ্ধতিৰে সমীক্ষিত পুথিৰ সংখ্যা নিচেই কম। অসমীয়া হাতে লিখা পুথিৰ সংখ্যা যথেষ্ট চহকী। সেই পুথিসমূহ সমীক্ষাত্মক অধ্যয়ন আগবঢ়াব পাৰিলে অসমীয়া সাহিত্যৰ ভঁৰাল অধিক চহকী হৈ পৰিব। মহাপুৰুষ শংকৰ দেৱ-মাধৱ দেৱ,বৈকুন্ঠনাথ ভট্ৰাচাৰ্য,ৰাম সৰস্বতী আদি কবিসকলৰ অমৰ সাহিত্যৰাজি এতিয়াও পাঠ-সমীক্ষা পদ্ধতিৰে আলোচনা-অধ্যয়ন হোৱা নাই। গতিকে এনে অমৰ সৃষ্টিৰাজি পাঠ-সমীক্ষা পদ্ধতিৰে অধ্যয়ন কৰাৰ অতিকে প্ৰয়োজনীয়। সাহিত্যৰ বুৰঞ্জীৰ ক্ষেত্ৰত পাঠ-সমীক্ষাৰ প্ৰয়োজনীয়তা সম্পৰ্কে পণ্ডিত গৱেষক মহেশ্বৰ নেওগ দেৱে অসম সাহিত্য সভাৰ সভাপতিৰ অভিভাষণত এনেদতে কৈছিল,-"যদি আমাৰ সকলো পুৰণি গ্ৰন্থৰ সমীক্ষিত পাঠ নিৰ্ণয় কৰা হয়, তেতিয়া হ'লে পুৰণি সাহিত্যৰ স্বৰূপেই সুকীয়া হ'ব,তাৰ ইতিহাসো এটি বেলেগ বস্তু হ'ব লাগিব। সিহে প্ৰকৃত ইতিহাস হ'ব।"