প্ৰগতি গগৈ চাংমাই
সাহিত্য সমাজৰ দাপোণ
জাতিৰ বুকুৰ কুটুম,
ভিন ভিন উপাদান
সৃষ্টি হৈছে সাহিত্য মহান।
সময়ৰ সোঁতত ক্ৰমবৰ্ধমান
সাহিত্যৰ কালজয়ী গান,
যুগে যুগে মহীয়ান
এয়া যে সভ্যতাৰ দান।
ন ন সৃষ্টিৰ পাতনিৰে
গাঁথিছে মালা সাহিত্যৰে,
সভ্যতাৰ পৰিচয়েৰে
জিলিকিছে বিশ্বজয়েৰে।
কোটি কোটি প্ৰণাম
মহান মনীষী,
ন ন সৃষ্টি অনন্ত অনাদি
ভাষাৰ পানচৈ মেলি।
সাহিত্যত এক নৱজাগৰণ
কৰিছে মানৱে অৱলোকন,
ন ন বিষয়ত অনুধাৱন
উপলব্ধি আত্ম অনুভৱৰ।
গল্প, প্ৰৱন্ধ, ৰচনা
কবিতা, অণুগল্প কৰিছে বৰ্ণনা;
উপন্যাস, সাধুকথা
লিখিছে জীৱন গাঁথা।
সাহিত্যৰ ছন্দোৱদ্ধ অংগসজ্জা
ধুনীয়া ধুনীয়া অলংকাৰ, উপমা;
মালিতা , বিৰহ বেদনা
উথপথপ এসোপা ভাৱনা।
মহান ব্যক্তিৰ মহান জীৱনীৰে
গঢ়িছে মানৱ সঞ্জীৱনীৰে,
নিত্য নতুন কৰ্ম
উদ্যমৰ পিন্ধি বৰ্ম।
সাহিত্যৰ হেঙুলীয়া বাট
পোহৰাই এন্ধাৰৰ গাত,
গঢ়িছে নৱ জাগৰণ
পিন্ধি নতুন আৱৰণ।